Home ৰাজনীতি অসম ছাত্ৰ সন্মিলন

অসম ছাত্ৰ সন্মিলন

0

অসম ছাত্ৰ সন্মিলন

অসম ছাত্ৰ সন্মিলন

অসম ছাত্ৰ সন্মিলন

অসম ছাত্ৰ সন্মিলন

‘অসম ছাত্ৰ সন্মিলন’ অসমৰ এক প্ৰসিদ্ধ সংগঠন। পূৰ্বৰ নাম ‘অসমীয়া ছাত্ৰৰ সাহিত্য সন্মিলনী’। 1916 চনৰ 25 ডিচেম্বৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সভাপতিত্বত ‘অসমীয়া ছাত্ৰৰ সাহিত্য সন্মিলনী’ৰ প্ৰথম অধিৱেশন বহে। এই অধিৱেশনতে অনুষ্ঠানটোৰ নাম ‘অসম ছাত্ৰ সন্মিলন’ কৰা হয়। অসমৰ সকলো ছাত্ৰৰ ইয়েই প্ৰথম অনুষ্ঠান। 1919 চনত তেজপুৰত বহা অসম ছাত্ৰ সন্মিলনৰ বাৰ্ষিক অধিৱেশনত বিদেশী বস্তু বৰ্জন কৰিবলৈ এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। অসমৰ স্বাধীনতা সংগ্ৰামৰ বুৰঞ্জীত এই সংগঠনৰ এক বিশিষ্ট স্থান আছে। অসম ছাত্ৰ সন্মিলনে সাহিত্য সেৱাৰ বাহিৰেও বহু বিষয় সামৰি লৈ উদ্দেশ্য ব্যাপক কৰিছিল যদিও সাহিত্য-সেৱা আৰু সাহিত্য-চৰ্চাই প্ৰধান আছিল। অসমীয়া সাহিত্য সম্পদশালী কৰিবলৈ ছাত্ৰ সন্মিলনে সমূহীয়াভাৱে চেষ্টা কৰাৰ লগতেই ব্যক্তিগত প্ৰচেষ্টাকো উদগনি দিছিল। অসম ছাত্ৰ সন্মিলনৰ তিনিমহীয়া মুখপত্ৰ ‘মিলন’ৰ অসমীয়া আলোচনী-সাহিত্যৰ বুৰঞ্জীত এক বিশিষ্ট স্থান আছে। পাছলৈ এই মুখপত্ৰ সচিত্ৰ আৰু দুমহীয়া হৈছিল। কেৱল ছাত্ৰ লেখক সকলেই নহয়, অসমীয়া সাহিত্যৰ ওজা সাহিত্যিকসকলৰ প্ৰবন্ধ-সম্ভাৰেও ‘মিলন’ সমৃদ্ধিশালী হৈছিল। আলোচনীখনে অসমীয়া ছাত্ৰ-ছাত্ৰীসকলক সাহিত্যসেৱাৰ সুযোগ দিয়াৰ উপৰি জাতীয় ঐক্য আৰু উন্নতিৰো বাট দেখুৱাইছিল। চন্দ্ৰনাথ শৰ্মা, অমিয় কুমাৰ দাস, হেমচন্দ্ৰ বৰুৱা, পদ্মধৰ চলিহা, লক্ষীধৰ শৰ্মা, দেৱেশ্বৰ শৰ্মা, ৰোহিণী কুমাৰ বৰুৱা, কনকলাল বৰুৱা, কামালুদ্দিন আহমেদ আদি ভালেমান যুৱক অসম ছাত্ৰ সন্মিলনৰ সংস্পৰ্শলৈ আহিছিল। 0 0 0.

You May Like:

Previous articleঅসমৰ  উৎসৱ-পাৰ্বন
Next articleঅসমীয়া গহনা
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here