অসমীয়া লোকাচাৰ
অসমীয়া লোকাচাৰ
অসমীয়া লোকাচাৰ
অতি পুৰণি কালৰে পৰা অসমীয়া সমাজত বিভিন্ন বিশ্বাস আৰু সংস্কাৰ জড়িত হৈ আছে। এইবোৰক কেন্দ্ৰ কৰিয়েই বহু সামাজিক প্ৰথা, লোকাচাৰ আদিৰ উৎপত্তি হৈছে। এইবোৰৰ ভিতৰত বিভিন্ন অশৰীৰী দেৱ-দেৱীক কৰা বিশ্বাস, গছ, অগ্নি, গৰু আদিৰ পূজা-উপাসনাই প্ৰধান। অসমীয়া সমাজত থকা এই বিশ্বাসবোৰৰ বেছিভাগেই অন্ধবিশ্বাস যদিও এইবোৰে পুৰণিকালত মানুহক একগোট কৰাত সহায় কৰিছিল।
অসমীয়া সমাজত অগ্নি আৰু গছক পবিত্ৰ জ্ঞান কৰা হয়। ধৰ্মীয় আৰু সামাজিক উৎসৱ-অনুষ্ঠানত অগ্নিৰ বিশেষ ব্যৱহাৰ আছে। সন্তান জন্মৰ পাছত মাকৰ কাষত তুঁহ-জুই আৰু গোবৰ-খুঁটিৰ জুই একেৰাহে জ্বলাই থোৱাৰ নিয়ম প্ৰচলিত। এনে কৰিলে ভূত-প্ৰেতে সন্তানৰ অপকাৰ কৰিব নোৱাৰে বুলি বিশ্বাস কৰা হয়। সেইদৰে জুইত সৰিয়হ দি মুখলগা ভঙা আৰু ভূত-প্ৰেত খেদোৱা হয়। তেলত ভজা পিঠা আদিও প্ৰথমবাৰ খোৱাৰ আগতে মুখ নালাগিবৰ বাবে জুইত দিয়া নিয়ম। 0 0 0.
You May Like:

Parts of Assamese folklore
অসমীয়া লোকাচাৰৰ ভাগসমূহ