তক্ষশীলা বিশ্ববিদ্যালয় | Takshila University 2023
তক্ষশীলা বিশ্ববিদ্যালয় | Takshila University
প্ৰাচীন উত্তৰ-পূৱ ভাৰতৰ (বৰ্তমান পাকিস্থানৰ) তক্ষশীলাত অৱস্থিত আছিল। এই বিশ্ববিদ্যালয়খন খ্ৰীষ্টপূৰ্ব এক শতিকালৈকে বৰ্তি আছিল।
এই বিশ্ববিদ্যালয়ৰ তলত কেইবাখনো চতুষ্পাঠী আছিল আৰু তাত ওঠৰ বিধ বিষয় শিক্ষা দিয়া হৈছিল। তাত ভাস্কৰ-বিদ্যা, চিত্ৰাংকন, মূৰ্তিকটা আৰু আন আন হাতেৰে কৰা বিদ্যা-শিক্ষা দিয়া হৈছিল।
এইখন বিশ্ববিদ্যালয়তে অত্ৰেয় ঋষিয়ে আয়ুেৰ্বদ শাস্ত্ৰ শিক্ষা দিছিল। বুদ্ধদেৱৰ চিকিৎসক ‘জীৱক’ এই অত্ৰেয় ঋষিৰ ছাত্ৰ আছিল।
এই বিদ্যালয়তে জীৱকে সাত বছৰ বিদ্যাচৰ্চা কৰিছিল। প্ৰখ্যাত ব্যাকৰণবিদ পাণিনি আৰু পণ্ডিত চাণক্যও এই বিশ্ববিদ্যালয়ৰে ছাত্ৰ আছিল।
এই বিশ্ববিদ্যালয়খনলৈ পশ্চিমৰ পাৰস্য দেশ, বেকট্ৰিয়া আৰু মগধ দেশৰ পৰা ছাত্ৰ আহি পঢ়িছিল। আদিতে ই হিন্দু বিশ্ববিদ্যালয় আছিল যদিও পিছলৈ ই বৌদ্ধ বিশ্ববিদ্যালয় হয় আৰু তেতিয়াৰ পৰা ইয়ালৈ চীনদেশৰ পৰাও বহুত ছাত্ৰ আহি পঢ়িছিল। 0 0 0.
তক্ষশীলা বিশ্ববিদ্যালয়, Takshila Universityআপুনি ভাল পাব পাৰে: ইলেকট্রনিক ভোটিং মেছিন

Thank you 👍😊
Bohut val anekoi upload kori takibo 😊
Val lagil 😊
Again thank you 😊