Home Ass Grammar বিশেষণ পদৰ শ্ৰেণী বিভাগ। Classification of Adjective 2024

বিশেষণ পদৰ শ্ৰেণী বিভাগ। Classification of Adjective 2024

0

বিশেষ্য বা সৰ্বনাম পদৰ গুণ, দোষ, সংখ্যা, পৰিমাণ, অৱস্থা আদি বুজোৱা পদক বিশেষণ (Adjective) বোলে।

বিশেষণ পদৰ শ্ৰেণী বিভাগ। Classification of Adjective

বিশেষণ পদৰ শ্ৰেণী বিভাগ । Classification of Adjective 2024

অসমীয়া বিশেষণ পদবোৰক তিনিটা ভাগত ভাগ কৰা হৈছে, যথা-

(১) বিশেষ্য-বিশেষণ (Adjectival Noun)

(২) বিশেষণীয়-বিশেষণ (Adjectival Adverb) আৰু

(৩) ক্ৰিয়া-বিশেষণ (Adjectival Verb)

তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল ।

বিশেষ্য-বিশেষণ (Adjectival Noun)

বিশেষ্য বা সৰ্বনাম পদৰ গুণ, দোষ, অৱস্থা, আদি বুজোৱা বিশেষণ পদক বিশেষ্য-বিশেষণ বোলে। উদাহৰণ-

গুণী ছোৱালী, তিতাঁ কেৰেলা, মিঠা ফল, অভিজ্ঞ শিক্ষক ইত্যাদি।

বিশেষণীয়-বিশেষণ (Adjectival Adverb)

বিশেষণ পদক বিশেষকৈ বুজোৱা পদক বিশেষণীয় বিশেষণ বোলে। উদাহৰণ-

অতি চতুৰ ল’ৰা, বৰ ডাঙৰ কঁঠাল, বেছি দুষ্ট ছোৱালী, ইত্যাদি।

ক্ৰিয়া-বিশেষণ (Adjectival Verb)

ক্ৰিয়া পদৰ ধৰণ বা অৱস্থা বুজোৱা বিশেষণক ক্ৰিয়া-বিশেষণ বোলে। উদাহৰণ-

খৰচি মাৰি পঢ়িবা, বেগাই যোৱা, লাহে লাহে আহ ইত্যাদি।

অনুশীলনী

(১) বিশেষণ কাক বোলে?

(২) ক্রিয়া বিশেষণ কাক বোলে ? সূত্র লিখি উদাহৰণ দিয়া।

(৩) বৈশিষ্ট্য অনুযায়ী অসমীয়া বিশেষণ পদবোৰক কেই শ্ৰেণীত ভাগ কৰা হৈছে? প্ৰতিবিধৰ নাম লিখি উদাহৰণ বুজাই লিখা । ০ ০ ০

LEAVE A REPLY

Please enter your comment!
Please enter your name here