অকলেণ্ড । Oakland
অকলেণ্ড, Oakland
অকলেণ্ড । Oakland
অকলেণ্ড (Oakland) নিউজিলেণ্ডৰ সৰ্ববৃহৎ চহৰ আৰু দেশখনৰ প্ৰধান বন্দৰ। ৱেইটমাতা আৰু মানুকাউ পোতাশ্ৰয়ৰ মাজত এটা যোজকৰ সৃষ্টি কৰা অকলেণ্ডে প্ৰশান্ত মহাসাগৰ আৰু টাছমান সাগৰক পৃথক কৰিছে। ১৮৪১ চনৰ পৰা ১৮৬৫ চনলৈ এই চহৰ নিউজিলেণ্ডৰ ৰাজধানী আছিল। নিউজিলেণ্ডৰ নৰ্থ আইলেণ্ডৰ উত্তৰ সীমাত অৱস্থিত অকলেণ্ডত লো-তীখা, মটৰ গাড়ী, টেক্সটাইল, চেনি আদিৰ কাৰখানা আছে। দুগ্ধজাত দ্ৰব্য, চামৰা আৰু মূল্যবান কাঠ ইয়াৰ পৰা ৰপ্তানি হয়। ইয়াতে প্ৰসিদ্ধ অকলেণ্ড বিশ্ববিদ্যালয় অৱস্থিত। তদুপৰি অকলেণ্ডত থকা ‘ৱাৰ মেমৰিয়েল মিউজিয়াম’টো পৃথিৱীৰ ভিতৰতে এটা উল্লেখযোগ্য যাদুঘৰ। চহৰখনৰ জনসংখ্যা 13,77,200 (2011)। জনসংখ্যাৰ অধিকাংশই পলিনেছিয়ান। পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি পলিনেছিয়ান লোক থকা ঠাই হিচাপে অকলেণ্ড জনাজাত।
অকলেণ্ড নামেৰে নিউজিলেণ্ডত এখন প্ৰদেশো আছে। প্ৰায় 65,838 বৰ্গ কিলোমিটাৰ মাটিকালিৰ এইখন প্ৰদেশতে আছে অকলেণ্ড চহৰ। গাখীৰ, মাংস আৰু বিভিন্ন তৰহৰ ফল-মূলৰ বাবে এইখন প্ৰদেশ বিখ্যাত। অকলেণ্ড প্ৰদেশত কেইবাটাও কয়লাৰ খনি আছে।
নিউজিলেণ্ডৰ ছাউথ আইলেণ্ডৰ দক্ষিণে প্ৰায় 480 কিলোমিটাৰ দূৰত অৱস্থিত ছটা নিচেই সৰু সৰু দ্বীপৰ সমষ্টিৰ নাম অকলেণ্ড দ্বীপপুঞ্জ। দ্বীপকেইটা জনবসতিহীন। আগ্নেয়গিৰিৰ ফলত সৃষ্টি হোৱা এই দ্বীপপুঞ্জৰ মাটিকালি প্ৰায় 60 বৰ্গ কিলোমিটাৰ। 0 0 0.
You May Like: