অক্সিজেন | Oxygen
অক্সিজেন, Oxygen
অক্সিজেন | Oxygen
অক্সিজেন এবিধ বৰণহীন, সোৱাদহীন, গোন্ধহীন মৌলিক গেছ। 1772 চনত কাৰ্ল উইলহেল্ম ছিলি আৰু যোছেফ প্ৰিষ্টলি নামৰ দুজন বিজ্ঞানীয়ে বেলেগ বেলেগ অক্সিজেন গেছ আৱিষ্কাৰ কৰে। বায়ুমণ্ডলৰ শতকৰা 20.95 ভাগ অক্সিজেন। জীৱ-জন্তু-মানুহৰ শ্বাস-প্ৰশ্বাসৰ বাবে অক্সিজেন অপৰিহাৰ্য। পানীত শতকৰা 88.8 ভাগ আৰু মাটিত শতকৰা 56 ভাগ অক্সিজেন থাকে। ই নিজে নজ্বলে যদিও জ্বলনত সহায় কৰে। হাইড্ৰজেনৰ লগ লাগি অক্সিজেনে পানী উৎপন্ন কৰে। লোৰ লগত হোৱা অক্সিজেনৰ ৰাসায়নিক বিক্ৰিয়াৰ ফলত লোত মামৰে ধৰে। তৰল বায়ুৰ পৰা আংশিক বাষ্পীভৱন প্ৰক্ৰিয়াৰে বিশুদ্ধ অক্সিজেন পোৱা যায়। কৃত্ৰিম শ্বাস-প্ৰশ্বাস, অক্সি-অচিটিলিন আৰু অক্সি-হাইড্ৰজেন শিখা উৎপন্ন কৰা আদি নানান কামত অক্সিজেনৰ বহুল ব্যৱহাৰ হয়।
প্ৰথমে ইয়াক প্ৰাণ বায়ু বা জীৱনদায়িনী বায়ু অথবা আগ্নেয় বায়ু বোলা হৈছিল। পিছত অক্সিজেন নামটো দিয়া হয়। ইয়াৰ অৰ্থ হৈছে ‘অম্ল উৎপাদক’। অসমীয়াত সেইবাবে অক্সিজেনক ‘অম্লজান’ গেছো বোলা হয়। সেই সময়ত আৱিষ্কৃত সকলো এচিড বা অম্লতে বিজ্ঞানীসকলে এই গেছটোৰ উপস্থিতি লক্ষ্য কৰিছিল। সেয়ে ইয়াৰ নাম দিছিল অম্ল উৎপাদক বা অক্সিজেন। 0 0 0.
You May Like: