Home বিজ্ঞান অজন | Ozone

অজন | Ozone

0

অজন | Ozone

অ’জন Ozone

অ’জন, Ozone

অজন | Oone 

অ’জন এবিধ সামান্য নীলাভ গেছ। ই অক্সিজেনৰে এটা ৰূপ। বায়ুমণ্ডলত সাধাৰণতে যি অক্সিজেন থাকে তাৰ অণুত পৰমাণু থাকে দুটা; কিন্তু অ’জনৰ এটা অণুত তিনিটা পৰমাণু থাকে। 1939 চনত খ্ৰীষ্টীয়ান স্কোনবেইন নামৰ জাৰ্মানীৰ এজন বিজ্ঞানীয়ে এই নামটো দিছিল। ‘অজ’ন’ শব্দটি গ্ৰীক শব্দ। এই গ্ৰীক শব্দটোৰ অৰ্থ হ’ল ‘মই গোন্ধ পাইছোঁ।’ কেঁচা মাছৰ দৰে তীব্ৰ গোন্ধ থকা এইবিধ গেছ বায়ুমণ্ডলৰ নামনি অঞ্চলত, বিশেষকৈ, সাগৰৰ উপকূল অঞ্চলৰ বায়ুত নিচেই সামান্য পৰিমাণে মিহলি হৈ থাকে। শ্বাস-প্ৰশ্বাসত পৰিমিত অ’জন শৰীৰৰ পক্ষে উপকাৰী। সেয়েহে সমুদ্ৰ-বায়ু স্বাস্থ্যকৰ। বায়ু বা অক্সিজেনৰ মাজত প্ৰাকৃতিক কাৰণত নিঃশব্দ মৃদু বিদ্যুৎ স্ফুৰণৰ ফলত অ’জন গেছৰ সৃষ্টি হয়। বায়ুমণ্ডলৰ ওপৰ ভাগত থকা অতি বেঙুনীয়া ৰশ্মিয়ে অক্সিজেনৰ ওপৰত ক্ৰিয়া কৰি তাক অ’জনলৈ পৰিৱৰ্তিত কৰে। সেই বাবে বায়ুমণ্ডলৰ ওপৰভাগত অ’জন যথেষ্ট পৰিমাণে পোৱা যায়। তদুপৰি বজ্ৰপাতৰ সময়ত আৰু উচ্চ শক্তিৰ বৈদ্যুতিক যন্ত্ৰ (যেনে– বিদ্যুৎ চালিত ৰে’ল, এক্স-ৰে’ যন্ত্ৰ) চলোৱাৰ সময়তো অ’জন উৎপন্ন হয়। কৃত্ৰিম উপায়েৰেও অ’জন উৎপন্ন কৰিব পাৰি। ফছফৰাছৰ দহনৰ ফলত অ’জন ব্যৱহাৰ কৰা হয়। মম, তেল, কপাহ, হাতীদাঁত আদিৰ অদৰকাৰী বৰণ গুচাবৰ বাবেও অ’জনৰ ব্যৱহাৰ হয়।

পানীত অ’জন সামান্য পৰিমাণে দ্ৰাব্য। ৰাসায়নিক বিক্ৰিয়াত ই শক্তিশালী। অতি কম উষ্ণতাত অ’জন এক ঘন নীলা বৰণৰ তৰললৈ পৰিণত হয়। সমান্য পৰিমাণৰ অ’জন শৰীৰৰ বাবে উপকাৰী যদিও ইয়াৰ মাত্ৰা বেছি হ’লে ই শৰীৰৰ বাবে অতিশয় ক্ষতিাকৰক হৈ উঠে।

ভূ-পৃষ্ঠৰ পৰা 25-50 কিলোমিটাৰ উচ্চতাৰ বায়ুস্তৰত অ’জনৰ পৰিমাণ বেছি। বায়ুমণ্ডলৰ এই স্তৰটোৰ নাম অ’জন স্তৰ। এই স্তৰৰ সৌৰ বিকিৰণৰ অতি বেঙুনীয়া ৰশ্মি বহুলাংশে শোষিত হয়। এই স্তৰটোৱে অতি বেঙুনীয়া ৰশ্মি প্ৰভাৱৰ পৰা ছাতিৰ দৰে পৃথিৱীক ৰক্ষা কৰি আছে। বিজ্ঞানীসকলৰ মতে আজিৰ পৰা এশ কোটিমান বছৰ আগেয়ে অ’জন স্তৰটো গঠিত হৈছিল আৰু তাৰ পিছতহে হেনো পৃথিৱীৰ মাটি আৰু পানীভাগত জটিল জীৱৰ সৃষ্টি আৰম্ভ হৈছিল।

পৃথিৱীত হোৱা প্ৰদূষণ আৰু প্ৰকৃতিৰ কিছুমান পৰিঘটনাৰ বাবে অ’জনৰ এই তৰপ বা স্তৰটো কিছু পাতল হৈ পৰিছে। কুৰি শতিকাৰ আশীৰ দশকৰ শেষৰ ফালে এদল ইংৰাজ বিজ্ঞানীৰ পৰ্যবেক্ষণত দেখা পায় যে দক্ষিণ গোলাৰ্ধত বসন্ত কালত আৰু ছেপ্টেম্বৰ-অক্টোবৰ মাহত কুমেৰুৰ ওপৰ পৃষ্ঠাত অ’জনৰ পৰিমাণ কমি যায়। কোনো কোনো বছৰত কেইদিনমানৰ বাবে এই হ্ৰাস 50 শতাংশৰো বেছি হ’ব পাৰে। অ’জনৰ এই হ্ৰাসক সাধাৰণভাৱে অ’জন ছিদ্ৰ বোলা হয়। এই অ’জন ছিদ্ৰ মানৱ জাতিৰ ভৱিষ্যতৰ বাবে বিপদজনক বুলি বিজ্ঞানীসকলে আশংকা প্ৰকাশ কৰিছে। ০ ০ ০. অ’জন, Ozone

You May Like:

Previous articleঅশ্ব-শক্তি | Horse-power
Next articleঅক্সিজেন | Oxygen
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here