Home বিজ্ঞান অতিশব্দ । Hyper Sound

অতিশব্দ । Hyper Sound

0

অতিশব্দ । Hyper Sound

অতিশব্দ । Hyper Sound

(অতিশব্দ । Hyper Sound)বিজ্ঞানীসকলে আমাৰ কাণে ধৰিব নোৱাৰা শব্দ ধৰা পেলোৱা এবিধ যন্ত্ৰ উদ্ভাৱন কৰিছে। এনে কৰ্ণগোচৰ নোহোৱা শব্দক বিজ্ঞানৰ ভাষাত কোৱা হয় ‘অতিশব্দ’।

আমি শুনা সাধাৰণ শব্দ আৰু অতিশব্দৰ মাজত পাৰ্থক্য আছে। এই পাৰ্থক্য হ’ল কম্পনৰ। সাধাৰণতে আমি যিবোৰ শব্দ কাণৰ সহায়ত শুনো, সেইবোৰ হ’ল সাধাৰণ শব্দ। যিবোৰ শব্দ আমি কাণৰ সহায়ত শুনো, সেইবোৰ হ’ল সাধাৰণ শব্দ। কিছুমান শব্দই আমাৰ কাণৰ পৰ্দাত কঁপনি তুলিব নোৱাৰে। তেনে শব্দ আমি শুনিবলৈ নাপাওঁ। বিজ্ঞানৰ ভাষাত কোৱা হয় যে 20 অৰ পৰা 20,000 হাৰ্টজৰ মাজত হোৱা কম্পনৰ শব্দবোৰক আমাৰ কাণে শুনিবলৈ পায়। অর্থাৎ, যিবোৰ শব্দৰ কম্পন 20 হাৰ্টজৰ তলত আৰু 20,000 হাৰ্টজৰ ওপৰত, তেনে শব্দ আমাৰ কাণে ধৰিব নোৱাৰে। তেনে শব্দকে কোৱা হয় ‘অতিশব্দ’। শব্দ আৰু অতিশব্দৰ এই পাৰ্থক্য মানুহৰ শুনা শক্তিৰ ফালৰ পৰাহে নিৰ্ধাৰণ কৰা হৈছে। বহু জীৱ-জন্তু, চৰাই-চিৰিকতি আৰু সাগৰৰ মাছ তথা প্ৰাণী আছে যাৰ শুনা শক্তি আমাতকৈ বেলেগ আৰু সিহঁতে আমি নুশুনা শব্দও শুনিবলৈ পায়।

বিজ্ঞানৰ বিভিন্ন শাখাত সম্প্ৰতি অতিশব্দৰ বহুল প্ৰয়োগ হৈছে। কৃষি আৰু চিকিৎসা বিজ্ঞানলৈও অতিশব্দই স্মৰণীয় পৰিৱৰ্তন আনিছে।

You May Like:

LEAVE A REPLY

Please enter your comment!
Please enter your name here