Home ভূগোল অধিবৰ্ষ | Leap Year

অধিবৰ্ষ | Leap Year

0

অধিবৰ্ষ | Leap Year

অধিবৰ্ষ Leap Year

অধিবৰ্ষ, Leap Year

অধিবৰ্ষ | Leap Year

পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে 365.25 দিনত এপাক ঘূৰে। কিন্তু গণনাৰ সুবিধাৰ কাৰণে 365 দিনহে ধৰা হয়। বাঢ়ি থকা 0.25 দিন মিলালে চাৰি বছৰত প্ৰায় এদিন হয় বাবে প্ৰতি চতুৰ্থ বছৰটোত 366 দিন ধৰা হয়। এনে অৱস্থাত ফেব্ৰুৱাৰী মাহটোত 28 দিনৰ সলনি 29 দিন বুলি গণনা কৰা হয়। এনে এদিন দীঘলীয়া বছৰবোৰেই অধিবৰ্ষ বা লীপ ইয়েৰ।

অধিবৰ্ষৰ আৰম্ভ হৈছিল বেবিলনত। বেবিলনবাসীয়ে 30 দিনত এমাহ আৰু 12 মাহত এবছৰ হোৱাৰ গণনা পোন প্ৰথমে আৰম্ভ কৰিছিল। তেওঁলোকে পোনতে 360 দিনত এবছৰ ধৰিছিল। কিন্তু আকাশৰ গ্ৰহ-তৰা-বেলি গণনা কৰি ধৰ্মগুৰুসকলে গম পালে যে এবছৰ হ’বলৈ 365 দিন লাগে। তেওঁলোকৰ ভুল ধৰা পৰাত অংক মিলাবলৈ দুবছৰৰ মূৰে মূৰে 13 মাহত এবছৰ কৰিলে। সেই নিয়মৰ পৰাই ‘লীপ ইয়েৰ’ কথাষাৰ আৰম্ভ হৈছিল। যি বছৰটোত 13 টা মাহ পৰিছিল, সেই বছৰটোক কোৱা হৈছিল ‘লীপ ইয়েৰ’। এয়া আছিল যীচুখ্ৰীষ্টৰ জন্মৰ 3200 বছৰৰ আগৰ কথা।

ইয়াৰ বহু বছৰ পাছত খ্ৰীষ্টপূৰ্ব 46-ত ৰোমান সম্ৰাট জুলিয়াছ চিজাৰে পুৰণি বছৰৰ গণনা সলনি কৰি 365 দিনত এবছৰ কৰিলে। তেওঁ হিচাপ কৰি দেখিলে যে এবছৰ সম্পূৰ্ণ হ’বলৈ, অৰ্থাৎ, পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ সময় লয় প্ৰায় 365.25 দিন (আচলতে 365 দিন 5 ঘণ্টা 48 মিনিট 46 ছেকেণ্ড)। এই বাঢ়ি থকা সময়খিনি প্ৰতি চাৰি বছৰৰ মূৰত এটা সম্পূৰ্ণ দিন হিচাপে তেওঁ বছৰৰ আটাইতকৈ চুটি মাহ ফেব্ৰুৱাৰীৰ লগত যোগ কৰিলে। এই বেছিকৈ ধৰা দিনটোৰ নাম ‘লীপ-ডে’ আৰু ‘লীপ-ডে’ থকা বছৰটোক বোলে ‘লীপ-ইয়েৰ’, অসমীয়া ‘অধিবৰ্ষ’।

চিজাৰৰ আগতে ৰোমানসকলে ফেব্ৰুৱাৰী মাহৰ বাহিৰে বাকীবোৰ 29 বা 31 দিনীয়া মাহ হিচাপে ধৰিছিল। কাৰণ তেওঁলোকে অমিল সংখ্যাবোৰ শুভদিন বুলি বিশ্বাস কৰিছিল। চিজাৰে তাৰো সালসলনি কৰিলে। তেওঁ সাতটা মাহ 31 দিনীয়া, চাৰিটা মাহ 30 দিনীয়া আৰু ফেব্ৰুৱাৰী মাহটো 28 দিনীয়া (লীপ ইয়েৰ হ’লে 29 দিনীয়া) কৰে। 0 0 0

অধিবৰ্ষ, Leap Year

You May Like:

LEAVE A REPLY

Please enter your comment!
Please enter your name here