Home বিবিধ অপোছাম | Opossum

অপোছাম | Opossum

0

অপোছাম | Opossum

অপোছাম Opossum

অপোছাম | Opossum

অপোছাম (Opossum) নিন্মস্তৰৰ স্তন্যপায়ী দ্বিগৰ্ভী প্ৰাণী। আকাৰত এটা মেকুৰীৰ সমান অপোছাম সাধাৰণতে দক্ষিণ-পূব কানাডা আৰু আৰ্জেণ্টিনাত পোৱা যায়। অস্ট্রলিয়াৰ কেঙেৰুৰ দৰে অপোছামৰো পেটত এটা মোনা থাকে; জন্মৰ পাছত অপোছামৰ পোৱালি এই মোনাৰ ভিতৰতে লালিত-পালিত হয়। অপোছামে একেবাৰতে আঠৰ পৰা ওঠৰটালৈকে পোৱালি জন্মায়। 

অপোছামৰ দেহটো নোমেৰে ঢকা। কিন্তু নেজত নোম নাথাকে। অপোছাম সৰ্বভক্ষী । ই ফল-মূলৰ পৰা আৰম্ভ কৰি সৰু সৰু স্তন্যপায়ী প্ৰানীও ইহঁতে ভক্ষণ কৰে। অৱশ্যে আন খাদ্যতকৈ যিকোনো মাংস অপোছামৰ অধিক প্ৰিয়। অপোছাম গাইকৈ স্থলচৰ প্ৰাণী যদিও এক শ্ৰেণীৰ জলচৰ অপোছামে নিশ্চল হৈ মৰাৰ দৰে ভাও ধৰি চিকাৰীক আভুৱা ভাৰে। আমেৰিকাৰ কোনো কোনো অঞ্চলত অপোছামৰ মাংস অতি প্ৰিয় খাদ্যৰূপে সমাদৃত। 0 0 0.

You May Like:

LEAVE A REPLY

Please enter your comment!
Please enter your name here