অমাৱস্যা
অমাৱস্যা
অমাৱস্যা
অমাৱস্যা হৈছে চন্দ্ৰ আৰু সূৰ্য আকাশৰ একে অংশত অৱস্থান কৰা দিন। অমৱস্যাৰ দিনা চন্দ্ৰটো পৃথিৱীৰ পৰা একেবাৰে দেখা নাযায়।
চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে আৰু পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। চন্দ্ৰৰ নিজা পোহৰ নাই। চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে পৰিভ্ৰমণ কৰাৰ ফলত সূৰ্যৰ পিনে থকা ফালটোৰ ভিন-ভিন অংশ একো একো সময়ত আলোকিত হয় আৰু পৃথিৱীৰ পৰা চন্দ্ৰৰ এই আলোকিত হৈ পৰা অংশ দেখা যায়। চন্দ্ৰৰ এই আকৃতিৰ পৰিৱৰ্তনকে ‘চন্দ্ৰকলা’ বোলা হয়। চন্দ্ৰই নিজ কক্ষপথেৰে পৃথিৱীৰ চাৰিওফালে মাহত এবাৰ ঘূৰি অহা সময়খিনিক ‘চান্দ্ৰমাহ’ বোলা হয়। একোটা চান্দ্ৰমাহত ২৯ দিন ১২ ঘণ্টা ৪৪ মিনিট বা প্ৰায় ২৯½ দিন থাকে। পৰিভ্ৰমণৰ বাবে চন্দ্ৰকলা প্ৰতিদিনে বাঢ়ি অহা দেখা যায় আৰু ১৫ দিনৰ এই সময়খিনিক ‘পক্ষ’ বোলে। চন্দ্ৰকলা বাঢ়ি যোৱা পক্ষটোৰ নাম ‘শুক্লপক্ষ’ আৰু কমি যোৱা পক্ষটোৰ নাম ‘কৃষ্ণ পক্ষ’। প্ৰত্যেক পক্ষৰ একোটা দিনৰ নাম তিথি। চন্দ্ৰকলা ক্ৰমান্বয়ে কমি আহি এটা বিশেষ দিনত একেবাৰে নেদেখা হয়। ইয়াকে অমাৱস্যা বা আঁউসী বোলে। 0 0 0.
You May Like: