অমৰনাথ । Amarnath
অমৰনাথ । Amarnath
অমৰনাথ জম্মু আৰু কাশ্মীৰ ৰাজ্যত অৱস্থিত ভাৰতৰ অন্যতম হিন্দু গুহা-তীৰ্থ। শ্ৰীনগৰৰ পৰা প্ৰায় ১৩২ কিলোমিটাৰ দূৰৈত আৰু সমূদ্ৰ পৃষ্ঠৰ পৰা প্ৰায়, ৫,১৮২ মিটাৰ উচ্চতাত অৱস্থিত। এই ঠাইতে স্বয়ং মহাদেৱ তুষাৰ লিংগৰূপে আৱিৰ্ভূত হৈছিল বুলি বিশ্বাস কৰা হয়। মহাদেৱেই এই তীৰ্থৰ আৰাধ্য দেৱতা। চূণশিলৰ এই গুহাত অৱস্থিত অমৰনাথৰ মন্দিৰত পাহাৰৰ ফাঁটেদি টোপাটোপে পানী পৰি আপোনা-আপোনি নিৰ্মাণ হয় প্ৰায় ৮ ফুট ওখ বৰফৰ এটা শিৱলিংগ। স্বয়ম্ভূ এই তুষাৰ লিংগৰ নাম অমৰনাথ বা অমৰেশ্বৰ। চন্দ্ৰকলাৰ হ্ৰাস-বৃদ্ধিৰ লগে লগে এই তুষাৰ লিংগৰো হ্রাস-বৃদ্ধি হয় বুলি জনবিশ্বাস প্ৰচলিত। প্ৰতি বছৰৰ শাওন মাহৰ পূৰ্ণিমা তিথিত এই লিংগই পূৰ্ণতা লাভ কৰে বুলি বিশ্বাস আছে। সেইদিনা দেশ-বিদেশৰ কেইবাহাজাৰো উৎসাহী তীৰ্থ যাত্ৰী আৰু পৰ্যটকে বহু অৰ্থ ব্যয় আৰু কষ্ট স্বীকাৰ কৰি ইয়াত সমবেত হয় আৰু অমৰনাথ লিংগত পূজা নিবেদন কৰে। প্ৰতি বছৰৰ জুলাই-আগষ্ট মাহত অমৰনাথ যাত্ৰাৰ বাবে চৰকাৰে যাৱতীয় সা-সুবিধা আগবঢ়ায়। 0 0 0.
You May Like: