Home বিজ্ঞান অল্টিমিটাৰ | Altimeter

অল্টিমিটাৰ | Altimeter

0

অল্টিমিটাৰ | Altimeter

অল্টিমিটাৰ Altimeter

অল্টিমিটাৰ, Altimeter

অল্টিমিটাৰ | Altimeter

আল্টিমিটাৰ’ হ’ল বায়ুমণ্ডলৰ উচ্চতামাপক যন্ত্ৰ। ঘাইকৈ উৰাজাহাজৰ উৰণৰ উচ্চতা নিৰূপণ কৰিবলৈ এই যন্ত্ৰ ব্যৱহাৰ কৰা হয়। সাধাৰণতে সংবেদনশীল এনৰয়ড বেৰোমিটাৰক অল্টিমিটাৰ হিচাপে ব্যৱহাৰ কৰা হয়। এনৰয়ড বেৰোমিটাৰৰ দ্বাৰা বায়ুমণ্ডলৰ যিকোনো স্থানৰ চাপ-উচ্চতাৰ মান পাব পাৰি। ইয়াত ঘড়ীৰ দৰে এখন ডায়েল থাকে।  বিভিন্ন যন্ত্ৰাংশৰ সহায়ত বায়ুৰ চাপক উচ্চতালৈ পৰিৱৰ্তন কৰি এই ডায়েলে নিৰ্দেশ কৰে। উচ্চ গতিত যোৱা উৰাজাহাজৰ চাৰিওকাষৰ বায়ুৰ চাপ সেই উচ্চতাৰ স্থিৰ বায়ুচাপৰ সমান নহয়। এই  পাৰ্থক্য বা উচ্চতা পৰিমাপৰ ত্ৰুটি সংশোধনৰ বাবে অল্টিমিটাৰত বিদ্যুৎ-যান্ত্ৰিক কম্পিউটাৰৰ ব্যৱস্থা থাকে। এই যন্ত্ৰৰ সহায়ত উৰাজাহাজ এখন পৃথিৱী পৃষ্ঠৰ পৰা কিমান ওপৰেদি উৰিছে তাক নিৰ্ণয় কৰিব পাৰি। পৰ্বত-পাহাৰৰ উচ্চতা নিৰূপণতো অল্টিমিটাৰৰ ব্যৱহাৰ আছে। 0 0 0.

You May Like:

Previous articleঅক্ষৰেখা । Latitude
Next articleঅধিবৰ্ষ | Leap Year
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here