অশ্ব-শক্তি | Horse-power
অশ্ব-শক্তি | Horse-power
অশ্ব-শক্তি (Horse-power) শক্তি পৰিমাপৰ এটা বিশেষ একক। 550 পাউণ্ড ওজনৰ কোনো এটা পদাৰ্থ এক ছেকেণ্ডত এক ফুট উচ্চতালৈ তুলিবলৈ যি পৰিমাণৰ শক্তিৰ প্ৰয়োজন হ’ব তাৰেই নাম ‘অশ্ব-শক্তি‘। ইয়াৰ পৰিমাণ হ’ল 0.786 কিলোৱাট বা প্ৰায় 3/4 কিলোৱাট। ডায়নামো, বিভিন্ন মটৰ আদি যন্ত্ৰৰ কৰ্মশক্তি এই এককত প্ৰকাশ কৰা হয়। ভাপ ইঞ্জিন অৱিষ্কাৰ আৰু ব্যৱহাৰ হোৱাৰ সময়লৈকে ইউৰোপৰ কয়লা খনিসমূহৰ পানী আৰু কয়লা উঠাবলৈ ঘোঁৰা ব্যৱহাৰ কৰা হৈছিল। সেই সময়ত হিচাপ কৰি পোৱা গৈছিল যে 550 পাউণ্ড ওজনৰ বস্তু এটা এক ফুট উঠাবলৈ এটা ঘোঁৰা (অশ্ব)ৰ প্ৰায় এক ছেকেণ্ড সময় লাগে। সেই অনুসৰিয়েই এই এককৰ নাম ৰখা হয় অশ্বশক্তি। 1 অশ্বশক্তি= 550 ফুট পাউণ্ড/ছেকেণ্ড। 0 0 0.
You May Like: