Home সংস্কৃতি অসমীয়া গহনা

অসমীয়া গহনা

0

অসমীয়া গহনা

অসমীয়া গহনা

অসমীয়া সমাজত গহনা-গাঁঠৰি পৰিধান কৰাৰ প্ৰথা অতি প্ৰাচীন কালৰ পৰাই চলি আহিছে। পুৰণি কালৰে পৰা অসমীয়া সোণাৰীয়ে সোণ আৰু¸ ৰূপৰ মীনাকৰা আৰু বাখৰ খটোৱা আটকধুনীয়া গহনা গঢ়িব জানিছিল। আজিও সেইবিলাক অতি উচ্চস্তৰৰ শিল্পবস্তু হিচাপে সৰ্বজন সমাদৃত।

কিন্তু আজিকালি অসমীয়া গহনাৰ প্ৰচলন আৰু ব্যৱহাৰ কমি গৈছে। এইবিলাক গহনাৰ মূল্য অতি বেছি হোৱা বাবে সৰ্বসাধাৰণ মানুহে এইবোৰৰ ব্যৱহাৰ এৰি পেলাইছে। আজিকালি অভিজাত আৰু বিত্তৱান পৰিয়ালতহে এইবোৰ গহনাৰ প্ৰচলন অধিক। অৱশ্যে সোণপানী চৰোৱা অসমীয়া গহনাৰ প্ৰচলন নোহোৱা নহয়। তদুপৰি বঙালী সোণাৰীয়ে গঢ়োৱা কম মূল্যৰ সোণৰ অলংকৰো অসমীয়া গহনা-গাঁঠৰিৰ নাম-তালিকাত সোমাইছে।

You May Like:

LEAVE A REPLY

Please enter your comment!
Please enter your name here