Home Ass Grammar অসমীয়া ভাষা আৰু সাহিত্য Assamese Language and Literature 2024

অসমীয়া ভাষা আৰু সাহিত্য Assamese Language and Literature 2024

2

দশম-একাদশ শতিকাত উদ্ভৱ হোৱা অসমীয়া ভাষা আৰু ইয়াৰ সাহিত্য এক অন্যতম ভাৰতীয় চহকী ভাষা। এই  ভাষাৰ  সাহিত্যসমূহক তলত দিয়া ভাগত ভাগ কৰিব পাৰি।

অসমীয়া ভাষা আৰু সাহিত্য

অসমীয়া ভাষা আৰু সাহিত্য Assamese Language and Literature 2024

মৌখিক সাহিত্য 

অসমীয়া সাহিত্যৰ, বিশেষকৈ মৌখিক সাহিত্যৰ আৰম্ভণি হিচাপে প্ৰাচীন লোকগীতবোৰকে ধৰিব পাৰি। অসমীয়া ভাষাৰ লোকগীতবোৰৰ এটা বিশেষত্ব আছে যে, এইবোৰক সাধাৰণতে গীত নুবুলি ‘নাম’ বোলা হয়। আন কথাত ক’বলৈ গ’লে, নাম আৰু গীত — এই দুয়োটা বহু সময়ত সমাৰ্থক হৈ একেধৰণৰ গীতৰ অৰ্থত ব্যৱহাৰ হয়। অসমীয়া লোকগীতসমূহৰ ভিতৰত আছে বিয়ানাম, আইনাম, গোসাঁই নাম, ভেকুলী বিয়াৰ নাম, ধাই নাম আদি।

অন্যান্য লোকগীতৰ ভিতৰত ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত, নাহৰৰ গীত, বদন বৰফুকনৰ গীত, জিকিৰ আৰু জাৰি, দেহবিচাৰ গীত, টোকাৰী গীত, ঐনিতম, মহোহো গীত, জনা গাভৰুৰ গীত, শান্তি বৰমাহীৰ গীত, বনঘোষা, মণিৰাম দেৱানৰ গীত, জয়মতী কুঁৱৰীৰ গীত, বদন বৰফুকনৰ গীত আদি উল্লেখযোগ্য।

গাঁৱৰ অনাখৰী অথচ কল্পনা শক্তিৰে চহকী কোনো নিনাও ৰচকে ৰচনা কৰা এই লোকগীতসমূহ অসমীয়া সাহিত্যৰ সোণসেৰীয়া মালাগছিৰ একোটি যেন উজ্জ্বল পোৱাল মণিহে। 

এই গীতবোৰৰ ভিতৰত ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীতেই আসমীয়া সাহিত্যৰ আটাইতকৈ প্ৰাচীন কাহিনী-গীত। এইবোৰ পৰুষানুক্ৰমে মুখে মুখে প্ৰচলিত হৈ আহিছে।

ইয়াৰ উপৰি কোনো বিশেষ ঘটনাক লৈ ৰচিত বুৰঞ্জীমূলক কাহিনী গীতো প্ৰচলিত আছে। উদাহৰণস্বৰূপে বদন বৰফুকনৰ গীতত মানৰ অসম আক্ৰমণৰ বৰ্ণনা, জয়মতী কুঁৱৰীৰ গীতত জয়মতীৰ স্বামীভক্তি আদিৰ বিষয়ে জনা যায়।

এইসমূহ লোকগীত অতি পুৰণি যদিও গীতবোৰত ৰচকৰ নাম নোহোৱা বাবে সেইবোৰৰ ৰচনাৰ প্ৰকৃত সময়টো উলিয়াব নোৱাৰি। বুৰঞ্জীবিদসকলে অসমীয়া মৌখিক সাহিত্যৰ সময়সীমা ষষ্ট শতিকাৰ পৰা অষ্টম-নৱম শতিকা বুলি অনুমান কৰিছে।

প্ৰাক-বৈষ্ণৱ সাহিত্য

প্ৰাক্‌-বৈষ্ণৱ সাহিত্য বুলিলে লোকগীত-চৰ্যাপদৰ পৰা আৰম্ভ কৰি শংকৰদেৱৰ আগলৈকে ৰচিত সমুদায় সাহিত্যকে বুজোৱা হয় যদিও সাধাৰণভাৱে ক’বলৈ গ’লে শংকৰদেৱৰ পূৰ্বে সংস্কৃত গ্ৰন্থৰ আলমত ছন্দবন্ধভাৱে ৰচনা কৰা লিখিত সাহিত্যকেই প্ৰাক্‌-বৈষ্ণৱ সাহিত্য, অর্থাৎ  প্ৰাক্‌-বৈষ্ণৱ যুগৰ সাহিত্য আখ্যা দিয়া হৈছে।

চৰ্যাপদৰ পাছত চতুদৰ্শ শতিকালৈকে ধাৰাবাহিকভাৱে বিশুদ্ধ অসমীয়া সাহিত্যৰ নিদৰ্শন পোৱা নাযায়। সম্ভৱতঃ প্ৰাকৃতিক দুৰ্যোগ, সামাজিক, ৰাজনৈতিক ঘটনা আদিৰ বাবে সেইবোৰ নষ্ট হয়।

এই শূন্যতাৰ পাছত চতুৰ্দশ শতিকাৰ ভিতৰত অসমীয়া ভাষা-সাহিত্যই ভালেখিনি আত্মবিশ্বাস লাভ কৰে। এই  শতিকাতে কেইবা গৰাকীও প্ৰতিভাশালী কবিৰ আৱিৰ্ভাৱ ঘটে।

সেইসকল হ’ল- হেম সৰস্বৰী, ৰুদ্ৰ কন্দলি, হৰিহৰ বিপ্ৰ, কবিৰত্ন সৰস্বতী আৰু মাধৱ কন্দলি। তেওঁলোকে ৰচনাৰ বিষয়বস্তু পুৰণাৰ পৰা গ্ৰহণ কৰিছিল আৰু সকলো পদ্যত ৰচনা কৰিছিল। গদ্যৰ ব্যৱহাৰ নাছিল।

বৈষ্ণৱ সাহিত্য

কোচ ৰজা নৰনাৰায়ণৰ দিনতেই অসমীয়া সাহিত্যৰ সোণালী যুগ আৰম্ভ হয়। এইজনা ৰজাৰ দিনতে শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, বকুল কায়স্থ, পুৰোষোত্তম ভট্টাচাৰ্য, ৰাম সৰস্বতীৰ দৰে বিখ্যাত কবি সাহিত্যিকসকলৰ আৱিৰ্ভাৱ হয়।

মহাপুৰুষ শংকৰদেৱৰ পৰা অৰ্থাৎ পঞ্চদশ শতিকাৰ শেষভাগৰ পৰা সপ্তদশ শতিকাৰ শেষলৈকে ৰচিত সাহিত্যৰাজিক বৈষ্ণৱ সাহিত্য বা নৱবৈষ্ণৱ সাহিত্য  যুগৰ সাহিত্যৰ ভিতৰত সামৰিব পাৰি।

এই যুগৰ কবিসকলৰ আদৰ্শ গুৰু আছিল শংকৰদেৱ আৰু সেয়ে বহুতে এইছোৱা সময়ক ‘শংকৰী যুগ’ বুলিও অভিহিত কৰিছে।

আহোম যুগৰ সাহিত্য

আহোম ৰাজত্বৰ দিনতে অসমীয়া সাহিত্যৰ পৰিসৰ আৰু পৰিধি বৃদ্ধি হয়। অসমীয়া ভাষাক ৰজাঘৰীয়া ভাষালৈ উন্নীত কৰাত আহোমসকলৰেই বৰঙণি বেছি। পূৰ্বৰ কোচ ৰজাসকলৰ পৃষ্ঠপোষকতাত গজালি মেলি বাঢ়ি গৈ বটবৃক্ষত পৰিণত হোৱা অসমীয়া সাহিত্যই আহোমসকলৰ দিনতে ডালে-পাতে, ফলে-ফুলে জাতিষ্কৰ হৈ উঠিছিল।

বৈষ্ণৱ যুগৰ দৰে এই যুগতো পদ, কাব্য, নাট, গীত আদি ৰচিত হয়। তদুপৰি এই যুগত চৰিত সাহিত্য, বুৰঞ্জী সাহিত্য, শাক্ত সাহিত্য, ব্যৱহাৰিক জ্ঞানৰ সাহিত্য, ইছলামী সাহিত্য আদিৰো বিকাশ হয়। গদ্য সাহিত্যয়ো পূৰ্ণ ৰূপ লাভ কৰে।

তদুপৰি এই সময়তে সংস্কৃতত ৰচিত ভেষজ, জ্যোতিৰ্বিদ্যা, অংক, নৃত্য আৰু স্থাপত্য সম্পৰ্কীয় বহু ৰচনা অসমীয়ালৈ অনূদিত হয়। অসমীয়া সাহিত্যলৈ আহোমসকলৰ এক অভিনৱ আৰু একচেটীয়া বৰঙণি হ’ল বুৰঞ্জী নামেৰে জনাজাত এক শ্ৰেণীৰ ঐতিহাসিক সাহিত্য।

বুৰঞ্জী পোনতে আহোম ভাষাত লিখা হৈছিল যদিও আহোমসকল স্থানীয় সমাজত মিলি যোৱাৰ লগে লগে বুৰঞ্জীৰ মাধ্যম অসমীয়ালৈ পৰিৱৰ্তিত হয়।

আধুনিক অসমীয়া সাহিত্য

 ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি মতে অসম ইংৰাজৰ হাতলৈ যায়। শাসন পৰিৱৰ্তনৰ লগে লগে পুৰণি অসমীয়া সাহিত্যৰো বিলোপ ঘটে। ইংৰাজৰ শাসনৰ ফলত অসমৰ ৰাজনৈতিক, সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত বিশাল পৰিৱৰ্তনৰ সূচনা হয়। এই পৰিৱৰ্তনৰ প্ৰতিচ্ছবি সেই কালৰ সাহিত্যতো প্ৰতিফলিত হয়।

অসম অধিকাৰ কৰাৰ দহ বছৰৰ পাছতে ১৯৩৬ চনত ইংৰাজে প্ৰশাসনীয় সুবিধাৰ দোহাই দি অসমৰ স্কুল-কাছাৰী আদিত অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা ভাষাৰ প্ৰচলন কৰে।

ইয়াৰ ফলত অসমৰ শিক্ষা আৰু সাহিত্যৰ অপূৰণীয় ক্ষতি হয়। সেই বছৰতে তৎকালীন অসমৰ কমিছনাৰ কেপ্তেইন ফ্ৰেন্সিছ জেনকিন্সৰ আমন্ত্ৰণক্ৰমে অসমৰ শদিয়াত এটা খ্ৰীষ্টান মিছন পতাৰ উদ্দেশ্যে আমেৰিকান বেপ্টিষ্ট মিছনাৰীসকল অসমলৈ আহে।

ইয়াৰ আগতে তেওঁলোকৰ উদ্যোগত ১৯১৩ চনত আত্মাৰাম শৰ্মাই বাইবেলখন অসমীয়ালৈ অনুবাদ কৰিছিল। শ্ৰীৰামপুৰত ছপা কৰা এই বাইবেলখনেই (‘ধৰ্মপুস্তক’) প্ৰথম অসমীয়া ছপা পুথি। ১৯৩৬ চনৰ ২৩ মাৰ্চত ৰেভাৰেণ্ড নাথান ব্ৰাউন আৰু অলিভাৰ কট্টৰ সপৰিয়ালে আহি অসম পায়হি।

তেওঁলোকে আহোঁতে লগত এটা ছপাশালো লৈ আহিছিল। তেওঁলোকে পোনতে জয়পুৰত আৰু পাছত সেই সময়ৰ মধ্য আৰু¸ উজনি অসমৰ শিৱসাগৰত থিতাপি লৈ ধৰ্মপ্ৰচাৰ কৰিবলৈ লয়।

নিজ ধৰ্ম প্ৰচাৰৰ বাবে আৰু অঞ্চলটোত মাতৃভাষা প্ৰচলনৰ আৱশ্যকতা বুজি মিছনেৰীসকলে অসমৰ জনগণৰ ভাষা শিকিবলৈ ধৰিলে আৰু শিৱসাগৰতে ছপাশাল স্থাপন কৰি কেইখনমান অসমীয়া ভাষাৰ কিতাপ প্ৰকাশ কৰে।

তদুপৰি সেই সময়ত ইংৰাজে বাংলা ভাষাক অসমীয়াৰ ওপৰত জাপি দি গ্ৰহণ কৰা ভুল বা অনীতিৰো তেওঁলোকে প্ৰতিবাদ কৰে।

মিছনেৰীসকলে স্বীকাৰ আৰু প্ৰচাৰ কৰিছিল যে অসমীয়া ভাষাৰ সৌন্দৰ্য-সুষমা বাংলা ভাষাতকৈ বহু ওপৰ খাপৰ আৰু  ভাৰতৰ অন্যান্য ভাষাতকৈ অসমীয়া ভাষা কোনো গুণে কম নহয়।

মিছনেৰীসকলে অসমীয়া ভাষাৰ প্ৰতি দেখুওৱা গুৰুত্ব, সেই ভাষাৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে কৰা তেওঁলোকৰ সংগ্ৰাম আৰু আনন্দৰাম ঢেকিয়াল ফুকন আদি কেইবাজনো শিক্ষিত অসমীয়াৰ নেৰানেপেৰা চেষ্টাত ১৮৭৩ চনৰ পৰা অসমত অসমীয়া ভাষাই পুনৰ প্ৰতিষ্ঠা লাভ কৰে।

কিন্তু প্ৰায় দুকুৰি বছৰ (১৮৩৬-১৮৭৩) ধৰি অসমত বাংলা ভাষাৰ প্ৰচলন হোৱাৰ কাৰণে অসমৰ শিক্ষা আৰু সাহিত্যৰ ক্ষেত্ৰত যি অপূৰণীয় ক্ষতি হ’ল, তাৰ ফলত অসমীয়া ভাষা-সাহিত্য ভাৰতৰ আন অঞ্চলৰ তুলনাত বহু পিছ পৰি গ’ল।

আধুনিক অসমীয়া ভাষা-সাহিত্যৰ কেইবাটাও দিশত মিছনেৰীসকল আছিল বাটকটীয়া। অসমত প্ৰথম ছপাশাল স্থাপন আৰু প্ৰচলন কৰি; সংবাদপত্ৰ প্ৰকাশ কৰি, ভ্ৰমণ কাহিনী, শিশু-সাহিত্য, কবিতাধৰ্মী আৰু উপন্যাসধৰ্মী সাহিত্য ৰচনা আৰু প্ৰকাশ কৰি, অভিধান, ব্যাকৰণ, পাঠ্যপুথি প্ৰণয়ন আৰু মুদ্ৰণ কৰি তেওঁলোকে অসমত এক নতুন যুগৰ সূচনা কৰে।

অসমীয়া ভাষা-সাহিত্যলৈ মিছনেৰীসকলৰ স্মৰণীয়, সৰ্বোৎকৃষ্ট আৰু অতি বিচক্ষণ বৰঙণি হ’ল ‘অৰুনোদই’ সংবাদপত্ৰৰ প্ৰকাশ। আন সকলো অৱদান একাষৰীয়া থ’লেও একমাত্ৰ ‘অৰুণোদই’ৰ দ্বাৰাই অসমীয়া ভাষা-সাহিত্য জগতত আৰু অসমীয়া সমাজ-জীৱনত তেওঁলোকৰ নাম চিৰস্থায়ী হৈ থাকিব।

কবিতা

ইংৰাজসকল অসমলৈ অহাৰ পাছৰ সময়ছোৱাত ৰচিত কবিতাসমূহকে সামূহিকভাৱে আধুনিক অসমীয়া কবিতাৰ ভিতৰত সামৰিব পাৰি যদিও প্ৰকৃতপক্ষে আধুনিক অসমীয়া কবিতাৰ শুভসূচনা হৈছিল ঊনবিংশ শতিকাৰ আৰম্ভনিতে।

পূৰ্বৰ ঘাইকৈ ভক্তিমূলক বা আধ্যাত্মিক ভাবৰ উপৰি এই সময়ছোৱাত ৰোমাণ্টিক, জাতীয়বাদী আদি বিবিধ বিষয়ৰ কবিতা ৰচনা হ’বলৈ ধৰিলে। কবিতাৰ যোগেদি ভাব প্ৰকাশৰো পৰিৱৰ্তন ঘটিল।

অৰুণোদই’ৰ পাততে এনে কবিতাই অপৈণত অৱস্থাত গজালি মেলিছিল। ৰমাকান্ত চৌধুৰী, ভোলানাথ দাস, বলদেৱ মহন্ত, কমলাকান্ত ভট্টাচাৰ্য আদি কবিসকলে অমিত্ৰাক্ষৰ ছন্দৰে আৰু মৌলিক চিন্তাৰে কবিতা ৰচনা কৰি পুৰণি অসমীয়া কবিতাৰ ৰূপ সলনি কৰিছিল যদিও তাৰ পাছত ৰমন্যাস বা ৰোমাণ্টিক যুগতহে আধুনিক অসমীয়া কবিতাই অধিক তীব্ৰ আৰু সমৃদ্ধ ৰূপত আত্মপ্ৰকাশ কৰে। কলিকাতাৰ কেইজনমান প্ৰবাসী অসমীয়াই অসমীয়া সাহিত্যত ৰোমাণ্টিক যুগৰ সূচনা কৰে।

চুটি গল্প

লক্ষ্মীনাথ বেজবৰুৱাক চুটি গল্প ৰচনাৰ ক্ষেত্ৰত বাটকটীয়া বুলি ধৰা হয়। ঊনবিংশ শতিকাৰ শেষৰ পিনে বেজবৰুৱাৰ হাতত অসমীয়া চুটি গল্পৰ জন্ম হয়। তেওঁৰ দিনৰ পৰা বৰ্তমান সময়লৈকে অসমীয়া গল্প-সাহিত্যৰ ভালেখিনি বিকাশ আৰু পৰিৱৰ্তন হৈছে। 0 0 0.

You May Like:

2 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here