Home ভূগোল অসমৰ জলবায়ু

অসমৰ জলবায়ু

0

অসমৰ জলবায়ু

অসমৰ জলবায়ু

অসমৰ জলবায়ু

অসমৰ জলবায়ু

অসমৰ জলবায়ু ভাৰতৰ আন অঞ্চলৰ জলবায়ুতকৈ অলপ বেলেগ। ইয়াৰ জলবায়ু ঘাইকৈ গৰম আৰু সেমেকা মৌচুমী জলবায়ু। দাক্ষিণাত্যৰ পশ্চিম উপকূল, দক্ষিণ আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাৰ উপকূল অঞ্চলৰ লগত অসমৰ জলবায়ুৰ মিল আছে। অসম মৌচুমী অঞ্চলৰ ভিতৰতে এখন অধিক বৰষুণ হোৱা ঠাই। ইয়াৰ ফলত অসমৰ গছ-গছনি আদি সদায় সেউজীয়া হৈ থাকে। অসমৰ জলবায়ুত জলীয় ভাপৰ মাত্ৰা অধিক। কিন্তু উত্তাপ তুলনামূলকভাৱে কম। তাপমাত্রা গ্ৰীষ্মকালত সৰ্বোচ্চ ৩০ ডিগ্ৰী চেলছিয়াছ আৰু শীতকালত সৰ্বনিম্ন ১০ ডিগ্ৰী চেলছিয়াছৰ মাজত থাকে। অসমৰ জলবায়ুক শীত আৰু বৰ্ষা, —এই দুটা ঘাই ঋতুত ভাগ কৰিব পাৰি। অক্টোবৰৰ পৰা ফেব্ৰুৱাৰীলৈকে শীতকাল আৰু বাকী সময়ছোৱা বৰ্ষা। অসমত গড় বৰষুণ বছৰি ১৭৮ চেন্টিমিটাৰৰ পৰা ৩০৫ ছেণ্টিমিটাৰৰ ভিতৰত হয়। অসমত গ্ৰীষ্ম কালতো কম সময়ৰ বাবেহে গৰম পৰে, আৰ্দ্ৰতা থাকে অধিক পৰিমাণে আৰু সঘনে বৰষুণ হয়। বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পশ্চিম মূৰৰ গোৱালপাৰা আৰু পূব মূৰৰ লখিমপুৰত সঘনে অতি মাত্ৰাত বৰষুণ হয়। আনহাতে নগাঁৱৰ লংকাৰ দাঁতি-কাষৰীয়া কপিলী অঞ্চলেই অসমৰ আটাইতকৈ শুকান অঞ্চল। উত্তৰ ভাৰতৰ অন্যান্য অংশৰ দৰে অসমত নিৰ্দিষ্ট কোনো গৰম আৰু শুকান বতৰ নাই। অসমত শীতকালত মজলীয়াভাৱে তাপৰ তাৰতম্য ঘটে। পাহাৰ অঞ্চল আৰু উজনি অসমৰ তাপমাত্ৰা অলপ কম। 0 0 0.

অসমৰ জলবায়ু

You May Like:

Previous articleচুতীয়া ৰাজ্য
Next articleপ্ৰাচীন অসমৰ সীমা
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here