Home Ass Grammar অসমৰ প্ৰাকৃতিক বিভাগ

অসমৰ প্ৰাকৃতিক বিভাগ

0

অসমৰ প্ৰাকৃতিক বিভাগ

অসমৰ প্ৰাকৃতিক বিভাগ

(অসমৰ প্ৰাকৃতিক বিভাগ) অসমৰ ঘাই প্ৰাকৃতিক বিভাগ তিনিটা। উত্তৰত পূবা-পশ্চিমাকৈ ব্ৰহ্মপুত্ৰ উপত্যকা,  বৰাক উপত্যকা আৰু এই দুই উপত্যকাৰ মাজত কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাহাৰীয়া অঞ্চল।

Also Read Here:

অসমৰ তিনি-চতুর্থাংশ জুৰি আছে ব্ৰহ্মপুত্ৰ উপত্যকা।ব্ৰহ্মপুত্ৰ অসমৰ প্ৰধান নদী আৰু এই নদী প্ৰায় ৭২৫ কিলোমিটা জুৰি অসমৰ মাজেদি বৈ গৈছে। ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনদীবোৰ হ’ল– সোৱণশিৰি, জীয়াভৰলী, বৰনদী, পুঠিমাৰী, পাগলাদিয়া, মানাহ, দিহিং, দিবং, দিখৌ, জাঁজী, ভোগদৈ, ধনশিৰি, কপিলী, জীয়াধনল, ৰঙানৈ, দিক্ৰং, বুৰৈ, বৰগাং, চম্পাৱতী, সৰলভাঙা, সোণকোষ, ডিব্ৰু, বুঢ়ীদিহিং, ডিগাৰু, কুলসী, শিংৰা, দুধনৈ, কৃষ্ণাই, জিঞ্জিৰাম আদি। পৃথিৱীৰ বৃহত্তম নদী-দ্বীপ মাজুলী (মাটিকালি ৯২৯ বৰ্গ কিলোমিটাৰ) আৰু পৃথিৱীৰ ক্ষুদদ্ৰতম নদী-দ্বীপ উমানন্দ (মাটিকালি- ১৬.৩৫৫ বিঘা ২ কঠা ৫ লেচা) ব্ৰহ্মপুত্ৰ নদীতে অৱস্থিত। ব্ৰহ্মপুত্ৰ নদী হিমালয়ৰ মানস সৰোবৰৰ পৰা অলপ পূবফালে অৱস্থিত ‘টামচুক খামবাব’ নামৰ এটা হিমবাহৰ পৰা উৎপত্তি হৈছে আৰু বিভিন্ন নামেৰে এই নদী বৈ আহি অসমৰ মাজেদি গৈ বংগোপসাগৰত পৰিছে। ব্ৰহ্মপুত্ৰ নদী দীঘলে প্ৰায় ২.৮৮০ কিলোমিটাৰ। এই নদীৰ দুয়োপাৰে ভূটান-অৰুণাচল-হিমালয় আৰু মেঘালয় মালভূমিৰ মাজৰ ঠেক অংশই ব্ৰহ্মপুত্ৰ উপত্যকা। এই উপত্যকা দীঘলে প্ৰায় ৭২৫ কিলোমিটাৰ আৰু বহলে গড়ে ৮০-১০০ কিলোমিটাৰ। অসমৰ প্ৰায়বোৰ প্ৰধান চহৰ ব্ৰহ্মপুত্ৰ উপত্যকাতে অৱস্থিত।

অসমৰ আন এটা প্ৰাকৃতিক ভাগ হ’ল বৰাক উপত্যকা বা কাছাৰ সমতল। এই উপত্যকাটো প্ৰায় ১০০ কিলোমিটাৰ দীঘল আৰু ৯৬ কিলোমিটাৰ বহল। বৰাক উপত্যকাক কাছাৰ, মণিপুৰ আৰু মিজোৰামৰ পাহাৰবোৰে তিনিফালে আবৰি ৰাখিছে। এই উপত্যকাৰ ঘাই নদী বৰাক। প্ৰায় ৯০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৰাক নদী নগা পাহাৰৰ পৰা উৎপত্তি হৈ মণিপুৰৰ মাজেৰে বৈ গৈ কাছাৰ জিলাত সোমাই বদৰপুৰৰ ওচৰৰ সুৰমা আৰু কুশৰীয়া নামে দুটা শাখাত বিভক্ত হৈ বাংলাদেশৰ পদ্মা নদীত পৰিছে। বৰাকৰ ভালেমান উপনদী আছে। তাৰ ভিতৰত যদুকাটা, জিৰি, জাতিংগা, বগাপানী, সোণাই, লংগাই, ৰাকনি আদিয়েই প্ৰধানম। এই নৈবোৰে যুগ যুগ মাটি খান্দি আৰু খন্দা মাটি পুনৰ সিঁচৰতি কৰি বৰাক উপত্যকা গঢ়ি তুলিছে। উপত্যকাটোৰ পশ্চিমলৈ উচ্চতা বৰ কম। তদুপৰি ইয়াত বহু সৰু সৰু টিলা আৰু বিল সিচঁৰতি হৈ আছে। উচ্চতা কম হোৱা বাবে ইয়াত সঘনাই বানপীন হয়। মেঘালয় ৰাজ্যৰ দক্ষিণ-পূবত অৱস্থিত বৰাক উপত্যকা পলসুৱা। ব্ৰহ্মপুত্ৰ আৰু বৰাক —এই দুয়োটা উপত্যকা বালি, আলতীয়া মাটি বা দুয়োবিধৰ মিশ্ৰণ, বালি শিল আৰু পচন উদ্ভিদেৰে গঠিত।

ব্ৰহ্মপুত্ৰ উপত্যকাৰ দক্ষিণত কাৰ্বি পাহাৰ আৰু উত্তৰ কাছাৰ পাহাৰ। কাৰ্বি পাহাৰ মেঘালয়ৰ মালভূমিৰে এটা অংশ। এই অঞ্চল শিলাময়। ইয়াৰ পাহাৰবোৰ ক্ষয় গৈ চাপৰ হৈ গৈছে। মাজে মাজে পাহাৰবোৰৰ মাজত সৰু সৰু উপত্যকাৰ দৰে সমতলতো আছে। কাৰ্বি আংলঙৰ দক্ষিণৰ উত্তৰ কাছাৰৰ পাহাৰবোৰ সেউজীয়া গছ-বনেৰে ঢকা আৰু এই পাহাৰবোৰ লাহে লাহে জিলাখনত মাজভাগলৈ ওখ হৈ গৈ বৰাইল নামে এক উচ্চ পাহাৰ শ্ৰেণীত মিলি গৈছে। এই পাহাৰ শ্ৰেণীয়েই অসমৰ আটাইতকৈ ওখ পাহাৰ। কাৰ্বি পাহাৰ আৰু উত্তৰ কাছাৰৰ এই পাহাৰীয়া অঞ্চলটো উত্তৰলৈ এঢলীয়া আৰু কাৰ্বি পাহাৰৰ বহিৰাংশত ইয়াৰ গড় উচ্চতা সমুদ্ৰ পৃষ্ঠৰ পৰা ৪৫০ মিটাৰ। কাৰ্বি পাহাৰ আৰু উত্তৰ কাছাৰ পাহাৰৰ মালভূমি অঞ্চলতে আছে দুটা শৃংগ সিংহাসন (উচ্চতা ১,৩৫৯ মিটাৰ) আৰু ডামবুকছো (উচ্চতা ১,৩৬১ মিটাৰ)।

You May Like:

LEAVE A REPLY

Please enter your comment!
Please enter your name here