Home ভূগোল অৱবাহিকা । Basin

অৱবাহিকা । Basin

0

অৱবাহিকা । Basin

অৱবাহিকা । Basin

অৱবাহিকা, Basin

অৱবাহিকা । Basin

নৈৰ দুয়োপাৰৰ যি ভূমিভাগৰ পৰা পানী আহি নৈত পৰেহি তাকে ‘অৱবাহিকা’ বোলা হয়। বৰষুণ, তুষাৰপাত আদিৰ ফলত মাটিত জমা হোৱা পানীৰ কিছু অংশ বৈ গৈ নদী আদিত পৰেগৈ । এইদৰে যি অঞ্চলৰ পৰা পানী নৈলৈ বৈ যায়, সেই অঞ্চলটোকে নৈখনৰ অৱবাহিকা বোলা হয়। উত্তৰ ভাৰতৰ গংগা নদীৰ উৎপত্তিস্থলৰ পৰা নদীখনৰ মোহনালৈকে জুৰি থকা গংগা নদীৰ অৱবাহিকা নামেৰে জনাজাত। একেদৰে আমাজন নদীৰ পৰা দক্ষিণ আমেৰিকাৰ উত্তৰ-পূব অঞ্চলক আমাজন অৱবাহিকা বুলি কোৱা হয়।

প্ৰাকৃতিক ভূগোলত চাৰিওফালে পৰ্বত বা ওখ ভূভাগেৰে আবৰা চাপৰা ভূভাগ বা উপত্যকাবোৰকে অবৱাহিকা বোলা হয়। মধ্য আফ্ৰিকাৰ কংগো আৱবাহিকা এনে ধৰণৰ অৱবাহিকা

ভূতত্ত্বতো অৱবাহিকা শব্দটোৰ ব্যৱহাৰ আছে। ভূতত্ত্বত আৱবাহিকা বুলিলে এনে এটি অঞ্চল বুজায় য’ৰ শিলাস্তৰ চাৰিওফালৰ পৰা মাজৰ ফাললৈ ক্ৰমশঃ এঢলীয়া। পেৰিছ অৱবাহিকা বা লণ্ডন অৱবাহিকা এনে অৱবাহিকাৰ উদাহৰণ।

কেতিয়াবা ভূতত্ত্বকৰ বিস্তীৰ্ণ অৱনমিত স্থান কিছুমানকো অৱবাহিকাৰ আখ্যা দিয়া হয়। কোনো হ্ৰদ, সাগৰ বা মহাসাগৰলৈ ভূভাগৰ যিমান ঠাইৰ পৰা পানী আহে সেই গোটেইখিনি ঠাইকে সেই হ্ৰদ, সাগৰ বা মহাসাগৰৰ অৱবাহিকা বোলা হয়। 0 0 0. অৱবাহিকা, Basin

You May Like:

Previous articleআইচক্ৰীম । Icecream 
Next articleঅষ্ট্ৰেলিয়া । Australia
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here