আইচলেণ্ড । Iceland
আইচলেণ্ড । Iceland
সুমেৰু বা উত্তৰ মেৰুৰ দক্ষিণত আৰু ইউৰোপ মহাদেশৰ আটাইতকৈ পশ্চিমে আটলাণ্টিক মহাসাগৰত অৱস্থিত এখন দ্বীপ-ৰাষ্ট্র হ’ল আইচলেণ্ড (Iceland)। আটলাণ্টিকৰ এই নিঃসংগ দ্বীপটো ঘাইক আগ্নেয়গিৰি উদ্ঘীৰণৰ ফলত সৃষ্টি হৈছে। ইয়াত প্ৰায় 200 আগ্নেয়গিৰি আছে। সেয়ে ইয়াত বহুতো উষ্ণ জলপ্ৰবাহ আছে। এই উষ্ণ জলপ্ৰবাহৰ পানী পোনপটীয়াকৈ পাইপেৰে নাগৰিকৰ ঘৰলৈ সৰবৰাহ কৰা হয়। উত্তৰ মেৰুৰ ওচৰত হ’লেও উষ্ণ মহাসাগৰীয় সোঁতৰ বাবে দেশখনৰ শীত তীব্ৰ নহয়। সংক্ষিপ্ত গ্ৰীষ্মকালত কেইবা সপ্তাহো ধৰি দেশখনত সূৰ্য অস্ত নাযায়। সেয়েহে আইচলেণ্ডক ‘মধ্যৰাতিৰ সূৰ্যৰ দেশ’ বোলা হয়।
জনহীন আইচলেণ্ড দ্বীপত 874 খ্ৰীষ্টাব্দত নৰৱেৰ এদল লোকে স্থায়ী বসতি গঢ়ি তোলে। তেওঁলোক আছিল অত্যন্ত দুঃসাহসী। উত্তৰ আটলাণ্টিকত মাছ ধৰিবলৈ যাওঁতে তেওঁলোকে এই দ্বীপটোৰ সন্ধান পায়। এতিয়াও মাছ ধৰাই আইচলেণ্ডৰ প্ৰধান জীৱিকা। আদিতে নৰৱেৰ লোক হ’লেও আইচলেণ্ডৰ নিজস্ব ভাষা আৰু সংস্কৃতি গঢ়ি উঠিছে । ইয়াৰ ভাষাত ইংৰাজী আৰু ডেনিচ ভাষাৰ ব্যাপক মিশ্ৰণ আছে। নিৰ্জনতাৰ মাজত বসতি হোৱা বাবে কিতাপ পঢ়া আৰু দবা খেলা আইচলেণ্ডৰ অধিবাসীসকলৰ অতি প্ৰিয় চখ। ত্ৰয়োদশ শতিকা পৰ্যন্ত স্বাধীন হৈ থকাৰ পাচত প্ৰথমে নৰৱেৰ আৰু 1483 চনত ডেনমাৰ্কৰ উপনিৱেশ হয়। প্ৰায় ছশ বছৰ ডেনমাৰ্কৰ অধীনত থকাৰ পাছত 1944 চনৰ 17 জনুত দেশখনে স্বাধীনতা লাভ কৰে।
দেশখনৰ ৰাজধানী ৰেইজাভিক। প্ৰায় দুই লাখ লোকৰ বসতি স্থল ৰেইজাভিক অসংখ্য উষ্ণ প্ৰস্ৰৱনৰ বাবে বিখ্যাত। মনোৰম প্ৰাকৃতিক পৰিৱেশৰ বাবে চহৰখন পৰ্যটকৰ বাবেও আকৰ্ষণীয়। ৰেইজাভিকৰ প্ৰধান পণ্য মাছ আৰু ইয়াৰ ভিত্তিতে চহৰখনত নানা শিল্পোদ্যোগ গঢ়ি উঠিছে। 0 0 0.
You May Like: