আইভৰি ক’ষ্ট | Ivory Coast
আইভৰি ক’ষ্ট
পশ্চিম আফ্রিকাৰ দক্ষিণে গিনি উপসাগৰৰ উত্তৰ উপকূলত অৱস্থিত এখন দেশ হ’ল আইভৰি ক’ষ্ট। দেশখনৰ উত্তৰে মালি আৰু বাৰকিনা ফাছো (পূৰ্বৰ আপাৰ ভল্টা), পূবে ঘানা, দক্ষিণে গিনি উপসাগৰ আৰু পশ্চিমে লাইবেৰিয়া আৰু গিনি। দেশখন প্ৰায় ৪ ডিগ্ৰীৰ পৰা ১০ ডিগ্ৰী উত্তৰ অক্ষৰেখা আৰু প্ৰায় ২ ডিগ্ৰীৰ পৰা ৪ ডিগ্ৰী পশ্চিম দ্ৰাঘিমাৰ মাজত অৱস্থিত।
বিষুৱ ৰেখাৰ পৰা প্ৰায় ৪৮০ কিলোমিটাৰ উত্তৰে অৱস্থিত দেশখনৰ দক্ষিণ উপকূলৱৰ্তী অঞ্চল ঘন বৰ্ষৰণ্যৰে আবৃত। আইভৰি ক’ষ্টৰ জলবায়ু ঘাইকে ক্ৰান্তীয় জলবায়ু। অৱশ্যে ইয়াৰ উত্তৰ আৰু দক্ষিণ অঞ্চলৰ জলবায়ুৰ মাজত কিছু পাৰ্থক্য দেখা যায়। সমগ্ৰ দেশতে, বিশেষকৈ উপকূল অঞ্চলত, প্ৰচুৰ বৰষুণ হয়। দেশখনৰ দক্ষিণ অঞ্চলৰ জলবায়ু গৰম আৰু আৰ্দ্ৰ। তাপমাত্ৰা ২২ ডিগ্ৰীৰ পৰা ৩২ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হয়। দিন ৰাতিৰ তাপমাত্ৰাৰ বিশেষ তাৰতম্য নঘটে। মে’ মাহৰ মাজভাগৰ পৰা বৰিষা আৰম্ভ হয়। দুমাহ ধৰি প্ৰায় প্ৰতিদিনেই বৰষুণ দিয়ে। ইয়াৰ পিছৰ ঋতু শুকান, মাজতে স্বল্পস্থায়ী বৰ্ষাকাল আৰু তাৰ পাছত পুনৰ খৰাং।
প্ৰশাসনিক প্ৰয়োজনত আইভৰি ক’ষ্ট ৪৯ টা বিভাগত বিভক্ত যদিও দেশখনত এককেন্দ্ৰিক শাসন বলবৎ হৈ আছে। নিৰ্বাচিত ৰাষ্ট্রপতি দেশখনৰ প্ৰধান শাসক। এখন মন্ত্ৰীসভাৰ সহায়ত ৰাষ্ট্ৰপতিজনে শাসনকাৰ্য পৰিচালনা কৰে। এককক্ষীয় জাতীয় সংসদৰ সদস্য সংখ্যা ১৭৫। প্ৰধান ৰাজনৈতিক দল দুটা–ডেমোক্ৰেটিক পাৰ্টি অব্ দি আইভৰি ক’ষ্ট আৰু আইভৰিয়ান পপুলাৰ ফ্ৰণ্ট। ইয়াৰ উপৰি আইভৰিয়ান ছচিয়েলিষ্ট পাৰ্টি আদি দলো আছে। প্ৰশাসনত খ্ৰীষ্টধৰ্মৰ প্ৰাধান্য আছে।
ৰাজধানী আবিদজান আইভৰি ক’ষ্টৰ প্ৰধান বন্দৰ আৰু সৰ্ববৃহৎ চহৰ। ১৯৮৩ চনত ইয়ামুছুক্ৰোত নতুন ৰাজধানী পতা হয়। বৰ্তমান ইয়ামুছুক্ৰো দেশখনৰ চৰকাৰী ৰাজধানী যদিও কাৰ্যকৰী ৰাজধানী আজিও আবিদজানেই হৈ আছে। দেশখনৰ আনকেইখনমান প্ৰধান চহৰ হ’লঃ বাওকে, কোৰহোগো, মান, ডালোৱা, এগবোভিল আদি। 0 0 0.
You May Like: