আই-ফোন | iPhone
আই-ফোন
আইফোন (I-phone) হৈছে উচ্চ প্ৰযুক্তিৰে নিৰ্মিত একেলগে ব্যক্তিগত কম্পিউটাৰ, চেলুলাৰ ফোন, উইণ্ডৰ সুবিধা, ডিজিটেল কেমেৰা আৰু ইণ্টাৰনেটৰ সেৱা আগবঢ়াব পৰা আত্যাধুনিক ফোন। নিৰ্মাতা আৰু ব্যৱসায়িক স্বত্বাধিকাৰ আমেৰিকাৰ এপ’ল ইনকৰ্পোৰেট। 2007 চনৰ 29 জুনত আমেৰিকাৰ বজাৰত ই প্ৰথম মুকলি হয়। ইয়াত এক স্পৰ্শ বা টাচ্চ স্ক্ৰীন আছে। লগতে আছে ‘কৃত্ৰিম’ কীবোৰ্ড আৰু বুটন। ইয়াত উঠঙা উঠঙা কী বা চাবিৰ দৰে কম্পিউটাৰ কীবোৰ্ড বা বুটন নাথাকে। ব্যৱস্থাটো বৰং এটিএমৰ স্ক্ৰীনৰ লগত তুলনীয়। চুই দিলেই এটা অংশ কাৰ্যকৰী হৈ নিৰ্দ্দিষ্ট কামটো কৰে। ই খালী হাত বা আঙুলিৰে স্পৰ্শ কৰিলেহে কাম কৰে। গ্ল’ভছ বা হাতমোজা পিন্ধি নাইবা আন বস্তুৰে চুলে ই কাম নকৰে।
2008 চনৰ 20 আগষ্টৰ পৰা ভাৰততো আই-ফোন বজাৰত বিক্ৰীৰ বাবে মুকলি কৰি দিয়া হৈছে। আই-ফোনৰ ভাৰতত বিপণনৰ দায়িত্ব লৈছে এয়াৰটেল আৰু ভ’ডাফোন। 0 0 0.
আই-ফোন, iPhone
You May Like: