Home ভূগোল আগ্নেয়গিৰি

আগ্নেয়গিৰি

0

আগ্নেয়গিৰি । Volcano

আগ্নেয়গিৰি । Volcano

আগ্নেয়গিৰি । Volcano

আগ্নেয়গিৰি (Volcano) হৈছে ভূগৰ্ভৰ ভিতৰৰ পৰা জুই, গলিত শিল, মাটি, ধোঁৱা, ছাই আদি উদগীৰণ কৰা পৰ্বত। কোটি কোটি বছৰ ধৰি পৃথিৱীৰ উপৰিভাগ কঠিন আৰু শীতল হ’লেও ইয়াৰ অভ্যন্তৰভাগ এতিয়াও অত্যন্ত উত্তপ্ত গলিত শিল, ধাতৱ পদাৰ্থ, ভাপ আদি পদাৰ্থৰে ভৰি আছে। সেই উত্তপ্ত পদাৰ্থ, গেছ আৰু গলিত পদার্থ  উৰ্ধ্বমুখী হৈ ভূপৃষ্ঠ ভেদ কৰি বাহিৰলৈ ওলাবলৈ চেষ্টা কৰে। বাহিৰলৈ ওলাব নোৱাৰিলে সেই অভ্যন্তৰৰ আলোড়নত ভূমিকম্প হয় আৰু স্থলভাগত অথবা সাগৰত পাহাৰৰ মাজত কোনো ছিদ্ৰ পালে সেইফালেদি অগ্নিসহ নানা ধাতৱ পদাৰ্থ আৰু বোকামাটি প্ৰচণ্ড বেগেৰে বাহিৰলৈ ওলাই আহে। এইদৰে পদাৰ্থবোৰ নিৰ্গত হোৱা ছিদ্ৰটোৰ চাৰিওফালে জমা হৈ গোট মাৰি এক পিৰামিডসদৃশ পাহাৰৰ সৃষ্টি কৰে। এয়ে আগ্নেয়গিৰি বা জ্বালামুখী। আগ্নেগিৰি উদগীৰণত নিৰ্গত অগ্নিস্ৰোতক ‘লাভা’ বুলি কোৱা হয়। পৰ্বত-পাহাৰৰ যি বিন্দাইদি লাভা নিৰ্গত হয় তাৰ নাম জ্বালামুখী। 0 0 0.

You May Like:

Previous articleআটলাছ পৰ্বত
Next articleঅমৰনাথ । Amarnath
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here