Home ভূগোল আজাৰবাইজান । Azerbaijan

আজাৰবাইজান । Azerbaijan

0

আজাৰবাইজান । Azerbaijan

আজাৰবাইজান । Azerbaijan

আজাৰবাইজান । Azerbaijan

আজাৰবাইজান (Azerbaijan) দক্ষিণ-পশ্চিম এছিয়াৰ এখন দেশৰ নাম। দেশখনৰ উত্তৰে ৰাছিয়া আৰু জৰ্জিয়া, পূবে কাস্পিয়ান সাগৰ; দক্ষিণে ইৰাণ আৰু পশ্চিমে আৰ্মেনিয়া। পূবে কাস্পিয়ান সাগৰৰ পশ্চিম উপকূলত অৱস্থিত দেশখনৰ নাগৰনো-কাৰাবাখ অঞ্চলৰ অধিকাৰ লৈ প্ৰতিবেশী ৰাষ্ট্র আৰ্মেনিয়াৰ লগত বিৰোধ আছে। এই লৈ মাজে মাজে সংঘৰ্ষও হয়। ১৯৯২-৯৩ চনত এই সংঘৰ্ষই তীব্ৰ ৰূপ লয়।

দেশখনৰ জলবায়ু শুকান আৰু উষ্ণ। খাৰুৱা তেল আৰু প্ৰাকৃতিক সম্পদত চহকী। লো আৰু তামৰ খনিও আছে। ফল-মূল, কপাহ, ৰেচম আদিৰ খেতি হয়।

১৯১৮ চনত আজেৰবাইজান এখন স্বাধীন ৰাষ্ট্রৰূপে প্ৰতিষ্ঠিত হয়। ১৯২০ চনত তৎকালীন ছোভিয়েট ৰাছিয়াৰ সেনাই দেশখন দখল কৰে। ১৯৩৬ চনত ছোভিয়েট ৰাছিয়াৰ এখন স্বতন্ত্ৰ অংগৰাজ্য হিচাপে পৰিগণিত হয়। ১৯৯১ চনত আজেৰবাইজানে ছোভিয়েট ৰাছিয়াৰ পৰা বিচ্ছিন্ন হৈ এখন স্বাধীন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্রৰূপে প্ৰতিষ্ঠা লাভ কৰে।

আজেৰবাইজানৰ অধিবাসীসকলক আজেৰবাইজানি বোলা হয়। দেশৰ জনসংখ্যাৰ ৮৩ শতাংশ আজেৰি, ৭ অংশ ৰাছিয়ান, ৬ শতাংশ আৰ্মেনিয়ান আৰু বাকীখিনি আন সংখ্যালঘু। অধিবাসীসকলৰ ৮৭ শতাংশ ইছলামধৰ্মী, বাকীখিনি খ্ৰীষ্টান।

প্ৰাকৃতিক সম্পদত সমৃদ্ধ যদিও আজেৰবাইজানৰ সাধাৰণ জীৱন-যাত্ৰাৰ মান উন্নত নহয়। খাৰুৱা তেল, প্ৰাকৃতিক গেছ, কপাহ আদি দেশখনৰ প্ৰধান ৰপ্তানি দ্ৰব্য। যন্ত্ৰ-পাতি, খাদ্য-শস্য আৰু অন্যান্য নিত্য প্ৰয়োজনীয় সামগ্ৰী আমদানি কৰিব লাগে। দেশখনৰ শিল্পোদ্যোগৰ ভিতৰত ইস্পাত, চিমেণ্ট, পেট্রোকেমিকেল্‌ছ, টেক্সটাইল আদি উল্লেখযোগ্য। প্ৰতিবেশী পূৰ্বৰ ছোভিয়েট ৰাছিয়াৰ দেশবোৰৰ মাজত দেশখনৰ ব্যৱসায়-বাণিজ্যৰ প্ৰচলন আছে।

ৰাষ্ট্রপতি আজেৰবাজানৰ প্ৰধান শাসক। প্ৰধানমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীসভাৰ সহায়ত ৰাষ্ট্রপতিয়ে শাসন চলায়। ৩৬০ জন সদস্যৰে গঠিত আজেৰবাইজানৰ সংসদৰ নাম ‘মিল্লি মলিছ‘। নাগৰিকে ১৮ বছৰ বয়সত ভোটাধিকাৰ লাভ কৰে। দেশখনৰ প্ৰধান ৰাজনৈতিক দলবোৰৰ ভিতৰত ৰিপাব্লিকান ডেমোক্ৰেটিক পাৰ্টি, পপুলাৰ ফ্রণ্ট আৰু ইছলামিক পাৰ্টি অন্যতম। ১৯৯৫ চনত ৰাষ্ট্রপতিক অধিক ক্ষমতা প্ৰদান কৰা নতুন সংবিধান গৃহীত হয়।

দেশখনৰ ৰাজধানী বাকু কাস্পিয়ান সাগৰৰ উপকূলত অৱস্থিত সমৃদ্ধ চহৰ।  জনসংখ্যা ২০ লাখ। ছোভিয়েট ৰাছিয়াৰ আমোলাত বাকুক সেই ৰাষ্ট্রৰ ‘অইল কেপিটেল’ বোলা হৈছিল। 0 0 0.

You May Like:

Previous articleআটলাণ্টিক চনদ | Atlantic Charter
Next articleলাচিত বৰফুকন ৰচনা | Lachit Borphukan Essay in Assamese 2023
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here