Home ভূগোল আটলাছ পৰ্বত

আটলাছ পৰ্বত

0

আটলাছ পৰ্বত

আটলাছ পৰ্বত

আটলাছ পৰ্বত (Atlas Mountain)  আফ্ৰিকাৰ উত্তৰ-পশ্চিমে, আটলাণ্টিক মহাসাগৰৰ উপকূলৱৰ্তী দেশ মৰক্কো ৰ পশ্চিম সীমান্তৰ পৰা ভূমধ্য সাগৰৰ দক্ষিণ উপকূলৱৰ্তী দেশ টিউনিছিয়াৰ উত্তৰ উপকূল পৰ্যন্ত বিস্তৃত। সৰ্বমুঠ দৈর্ঘ ২৪০০ কিলোমিটাৰ। সৰ্বোচ্চ শৃংগ টউবকালৰ উচ্চতা ৪১৬৫ মিটাৰ।  পৰ্বতমালাৰ দক্ষিণে বিস্তীৰ্ণ ছাহাৰা মৰুভূমি, উত্তৰ-পশ্চিম প্ৰান্তত উত্তৰ আটলাণ্টিক মহাসাগৰ আৰু ভূমধ্য সাগৰ। পৰ্বতমালাই উত্তৰ আফ্ৰিকাৰ ভূমধ্য সাগৰীয় অঞ্চল আৰু ছাহাৰা মৰুভূমিৰ মাজত ব্যৱধান সৃষ্টি কৰিছে। লো, তাম, মেংগানিজ, সীহ আদি খনিজ সম্পদেৰে পৰ্বতমালা সমৃদ্ধ। ই দুৰ্ধৰ্ষ আদিবাসীৰ বসতিস্থল। এই পৰ্বতমালাত কেইবাটাও গিৰিপথ আছে আৰু ইয়াৰ পৰা কেইবাখনো নদীৰ উৎপত্তি হৈছে। উল্লেখযোগ্য নদী কেলিক, ৬৯৬ কিলোমিটাৰ দীঘল। এই পৰ্বতমালাত কোনো আগ্নেগিৰি নাই। পৰ্বতমালাৰ নামনিৰ উপত্যকা অঞ্চল সাৰুৱা আৰু ঘন বননিৰে ভৰা।

You May Like:

LEAVE A REPLY

Please enter your comment!
Please enter your name here