Home ভূগোল আটলাণ্টিক মহাসাগৰ | Atlantic Ocean

আটলাণ্টিক মহাসাগৰ | Atlantic Ocean

0

আটলাণ্টিক মহাসাগৰ | Atlantic Ocean

আটলাণ্টিক মহাসাগৰ

আটলাণ্টিক মহাসাগৰ

আটলান্টিক মহাসাগৰ (Atlantic  Ocean) হৈছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ। ইয়াৰ কালি 8,24,39,700 বৰ্গ কিলোমিটাৰ। উপকূলৱৰ্তী নিৱেশিকা আৰু উপসাগৰ লৈ মহাসাগৰখনৰ মুঠ কালি প্ৰায় 10,64,63,000 বৰ্গ কিলোমিটাৰ। গভীৰতা গড়ে প্ৰায় 3,756 মিটাৰ। মহাসাগৰখনৰ গভীৰতম স্থান পূৱেৰ্টো ৰিকোৰ। ইয়াৰ গভীৰতা 8,358 মিটাৰ। এই মহাসাগৰে ভূপৃষ্ঠৰ প্ৰায় 23.9 শতাংশ আগুৰি আছে। মহাসাগৰখনৰ পূৱে ইউৰোপ, এছিয়া আৰু আফ্ৰিকা মহাদেশ; পশ্চিমে উত্তৰ আৰু দক্ষিণ আমেৰিকা মহাদেশ। এই মহাদেশকেইখনৰ মধ্যৱৰ্তী মহাসাগৰখনৰ উত্তৰে উত্তৰ মেৰু সাগৰ আৰু দক্ষিণে এণ্টাৰ্কটিকা মহাদেশ। উত্তৰ-পশ্চিম দিশৰ বেৰিং প্ৰণালীয়ে আটলাণ্টিকক প্ৰশান্ত মহাসাগৰৰ পৰা পৃথক কৰিছে। আনহাতে মধ্য আমেৰিকাৰ পানামা খালে ইয়াক প্ৰশান্ত মহাসাগৰৰ লগত সংযোগ কৰিছে।

আটলাণ্টিক মহাসাগৰ উত্তৰে ৭০ ডিগ্ৰী উত্তৰ আক্ষাংশৰ পৰা দক্ষিণে প্ৰায় ৬৬ ডিগ্ৰী দক্ষিণ অক্ষাংশ আৰু পশ্চিমে ৮৫ ডিগ্ৰী পশ্চিম দ্ৰাঘিমাংশৰ পৰা পূবে৩০ ডিগ্ৰী পূব দ্ৰাঘিমাংশলৈ বিস্তৃত। আটলাণ্টিক মহাসাগৰৰ দক্ষিণ অংশ প্ৰশস্ত হৈ দক্ষিণ মহাসাগৰৰ লগত মিলিত হৈছে; কিন্তু উত্তৰ অংশ গ্ৰীনলেণ্ড আৰু আইচলেণ্ড দ্বীপৰ দ্বাৰা আবদ্ধ।

খ্ৰীষ্টপূৰ্ব ৬০০-অত মিছৰৰ (এতিয়াৰ ইজিপ্ত) সমুদ্ৰ যাত্ৰীসকলে লোহিত সাগৰৰ পৰা দক্ষিণলৈ যাত্ৰা কৰোতে আটলাণ্টিক মহাসাগৰ আৱিষ্কাৰ কৰে। আদিতে অৱশ্যে ইয়াৰ নাম আটলাণ্টিক নাছিল। প্ৰাচীন ৰোমানসকলেহে সম্ভৱতঃ আটলাছ পৰ্বতৰ নাম অনুসৰি এই মহাসাগৰৰ নাম দিয়ে আটলাণ্টিক।

পৃথিৱীৰ বহু বৃহত্তম শিল্পাঞ্চল আৰু বন্দৰ এই মহাসাগৰৰ পাৰত অৱস্থিত। ফলত ইয়াৰ বাণিজ্যিক গুৰুত্বও অপৰিসীম। আটলাণ্টিকৰ তীৰৱৰ্তী বন্দৰবোৰৰ ভিতৰত এণ্টাৱাৰ্প (বেলজিয়াম), বাৰ্চিলোনা (স্পেইন), বুয়েনৰ্ছ আয়াৰ্ছ (আৰ্জিণ্টিনা), কাছাব্লাংকা (মৰক্কো), কোপেহেগেন (ডেনমাৰ্ক), হেলছিংকি (ফিনলেণ্ড), লিছবন (পৰ্টুগাল), মণ্ট্ৰিল (কানাডা), নেপল্‌ছ (ইটালী), নিউৰ্য়ক (আমেৰিকা যুক্তৰাষ্ট্ৰ), ষ্টকহোম (ছুইডেন) আদি উল্লেখযোগ্য।

আটলাণ্টিক মহাসাগৰত ছীল, তিমি, সিন্ধুঘোটক, নানা প্ৰকাৰৰ কাছ প্ৰচুৰ পৰিমাণে মাছ পোৱা যায়। তদুপৰি সমুদ্ৰতলীত আছে তেল আৰু প্ৰাকৃতিক গেছ, নানা ধৰণৰ খনিজ পদাৰ্থ আৰু মূল্যৱান পাথৰ। 0 0 0.

You May Like:

LEAVE A REPLY

Please enter your comment!
Please enter your name here