Home সংস্কৃতি আদি জনজাতি । Adi Tribe

আদি জনজাতি । Adi Tribe

0

আদি জনজাতি । Adi Tribe

আদি জনজাতি । Adi Tribe

আদি জনজাতি । Adi Tribe

আদি জনজাতি (Adi Tribe) হৈছে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ মংগোলীয় প্ৰজাতিৰ এক জনজাতি। বৰ্তমান অৰুণাচল প্ৰদেশৰ পশ্চিম ছিয়াং জিলাতেই এওঁলোকৰ ঘাই বসতি। ছিয়াং জিলাৰ পৰ্বত-পাহাৰসমূহক সামূহিকভাৱে আবৰ পাহাৰ বুলিও জনা যায়। এই পাহাৰত বসবাস কৰা বাসিন্দাসকলক সেয়ে আবৰ বুলিও কোৱা হয়। আদিসকল কেইবাটাও উপজাতিত বিভক্ত। ইয়াৰ ভিতৰত পাদম, মিনিয়ং, গালং, পাচি, পাংইল আদি প্ৰধান। উত্তৰে ভাৰত-তিববত সীমান্ত, পশ্চিমে ছিয়ম নদী, পূবে অৰুণাচলৰ পৰ্বতমালা আৰু দক্ষিণে পাচিঘাট, — এই সীমাৰ ভিতৰত প্ৰায় 6,400 বৰ্গ কিলোমিটাৰৰ বিস্তীৰ্ণ এলেকা জুৰি ছিয়াং আৰু ইয়ামন নদীৰ দুই পাৰত আদিসকলৰ বসতি। সমগ্ৰ অঞ্চলটোত প্ৰচুৰ বৰষুণ হয়। সেয়ে ই ঘন অৰণ্যৰে ভৰা। পাহাৰীয়া খৰস্ৰোতা নদী আৰু দুৰ্গম হোৱা বাবে ইয়াত স্থায়ী বাট-পথ, দলং আদি নিৰ্মাণ কৰা কঠিন। এওঁলোকৰ মাজত বিধৱা বিবাহৰ প্ৰচল আছে। অবিবাহিত ডেকা-গাভৰু থাকিবৰ বাবে সুকীয়া ডেকা চাং (মছুপ) আৰু গাভৰু চাং (ৰেচাং) আছে। মূলতঃ কৃষিজীৱী আদিসকলে জুম-পদ্ধতিৰে খেতি কৰে। তদুপৰি পশু চিকাৰ, মাছ ধৰা প্ৰথাও এওঁলোকৰ মাজত আছে। খেতিত উৎপাদিত শস্যৰ কিছু অংশ জীৱন নিৰ্বহৰ বাবে ৰাখি বাকীখিনি ভৈয়ামলৈ আনি বিক্ৰী কৰে। চলোং আদিসকলৰ ঘাই উৎসৱ। গাঁৱৰ পাঁচ-ছজন মুখিয়াল লোকে গোট খাই পঞ্চায়ত গঠন কৰি সমাজ পৰিচালনা কৰে। আদিসকলে ব্যৱহাৰ কৰা অস্ত্ৰ-শস্ত্ৰৰ ভিতৰত দীঘল তৰোৱাল, ধনু, ষাঠি আদিয়েই প্ৰধান। 0 0 0.

You May Like:

Previous articleআন্তৰ্জাতিক শ্ৰমিক সংস্থা | ILO
Next articleআটলাণ্টিক মহাসাগৰ | Atlantic Ocean
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here