আন্তৰ্জাতিক শ্ৰমিক সংস্থা | ILO
আন্তৰ্জাতিক শ্ৰমিক সংস্থা | ILO
আন্তৰ্জাতিক শ্ৰমিক সংস্থা (International Labour Organization) ৰাষ্ট্র সংঘৰ এক শাখা। ভাৰ্ছাই চুক্তি অনুসৰি ১৯১৯ চনৰ ১১ এপ্ৰিলত জাতিসংঘৰ এক স্বশাসিত সংস্থা হিচাপে ই জাতিসংঘৰ লগত যুক্ত হৈ আছিল। ১৯৪৬ চনত ই ৰাষ্ট্র সংঘৰ অংগ হয়। শ্ৰম ব্যৱস্থা আৰু শ্ৰমিক জীৱনৰ উন্নতি তথা সামাজিক নিৰাপত্তা সাধনেই এই সংস্থাৰ ঘাই উদ্দেশ্য। শ্ৰমিকৰ দৈনিক কামৰ সময় নিয়ন্ত্ৰণ, ন্যায্য বেতনৰ ব্যৱস্থা, পেছাগত ৰোগ আৰু আঘাতৰ পৰা শ্ৰমিকক সুৰক্ষা দিয়া, নাৰী, শিশু আৰু প্ৰবাসী শ্ৰমিকৰ নিৰাপত্তা আদি শ্ৰমিক কল্যাণৰ বহু দিশত এই সংস্থাই সফলতা লাভ কৰিছে। সংস্থাৰ সদস্য দেশৰ সংখ্যা ১৮৩। সদস্য দেশবোৰৰ আৰ্থিক সাহাৰ্যৰে সংস্থাটি পৰিচালিত হয়। ইয়াৰ মূল কাৰ্যালয় ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত। ভাৰতৰ নতুন দিল্লীতো ইয়াৰ এটা কাৰ্য্যালয় আছে। শ্ৰমিকৰ শ্ৰম কৰাৰ পৰিৱেশ উন্নত কৰাত আগবঢ়োৱা বিশিষ্ট প্ৰয়াসৰ স্বীকৃতিস্বৰূপে ১৯৬৯ চনত এই সংস্থাই শান্তিৰ নবেল বঁটা লাভ কৰে। 0 0 0.
You May Like: