Home ভূগোল আমাজন । Amazon

আমাজন । Amazon

0

আমাজন । Amazon

আমাজন । Amazon

আমাজন হৈছে  দক্ষিণ আমেৰিকাৰ দীৰ্ঘতম আৰু জলপ্ৰবাহত পৃথিৱীৰ বৃহত্তম নদী। পশ্চিম প্ৰশান্ত মহাসাগৰৰ পৰা প্ৰায় 160 কিলোমিটাৰ নিলগৰ এণ্ডিজ পৰ্বতমালাৰ উত্তৰ-পশ্চিমাংশৰ পৰা উৎপন্ন এই নদী পূবমুৱা হৈ বৈ গৈ বিষুৱৰেখাৰ ওচৰত আটলাণ্টিক মহাসাগৰত পৰিছে।

নদীখনৰ দৈর্ঘ প্ৰায় 6,400 কিলোমিটাৰ। আমাজনৰ উত্তৰে গিয়ানা আৰু ভেনিজুৱেলাৰ উচ্চ মালভূমি, পশ্চিমে এণ্ডিজ পৰ্বত, পূবে ব্ৰাজিল আৰু দক্ষিণে বলিভিয়া।

ইয়াৰ অৱবাহিকা অঞ্চলৰ কালি প্ৰায় 70,45,000বৰ্গ কিলোমিটাৰ; এই পৰিমাণ সমগ্ৰ দক্ষিণ আমেৰিকাৰ আধা। 500-ৰো অধিক উপনদী আৰু শাখা নদীয়ে আমাজনক গঢ়ি তুলিছে।

ইয়াৰ ভিতৰত ইউকায়েলি, মাৰানন, ৰিঅ’ নেগ্ৰো, জিংগু, পুট’মায়ো, জুৰুৱা, ব্ৰানকো, জাপুৰা, পুৰুছ আদি উল্লেখযোগ্য। এইবোৰ নদীৰ জলপ্ৰৱাহে আমাজনক অতিশয় স্ফীত আৰু স্ৰোতস্বিনী কৰি তুলিছে।

মূল নদীৰ প্ৰায় 4,000 কিলোমিটাৰ নৌ পৰিবহণৰ উপযোগী। ইয়াৰ অৱবাহিকাৰ অধিকাংশ অঞ্চল বিষুৱীয় অঞ্চলত অৱস্থিত হোৱা বাবে আৰু বিষুৱীয় অঞ্চলৰ প্ৰবল বৃষ্টিপাতৰ কাৰণে এই নদীয়েদি পৃথিৱীৰ সকলোবোৰ নদীতকৈ বেছি পানী প্ৰবাহিত হয়।

নদীখনে প্ৰতি ছেকেণ্ডত 1,80,000 ঘন মিটাৰ পানী আটলাণ্টিকলৈ প্ৰবাহিত কৰে। নদীখনৰ গতি অতি তীব্ৰ হোৱাৰ বাবে নদী মোহনাত কোনো ব-দ্বীপ সৃষ্টি হ’ব নোৱাৰে। এই বিপুল জলৰাশি ইমান প্ৰবল বেগেৰে আটলাণ্টিকত প্ৰৱেশ কৰে যে নদীখনৰ মোহনাৰ পৰা প্ৰায় 64 কিলোমিটাৰ পৰ্যন্ত সাগৰৰ পানী ঘোলা আৰু লুণীয়া হৈ থাকে।

এই নদীৰ অৱবাহিকাৰ প্ৰায় 50 লাখ বৰ্গকিলোমিটাৰ ঘন বৰ্ষাৰণ্য। এই গভীৰ অৰণ্যৰ আঁৰত নদীখন থকা বাবেই সম্ভৱত ভাৰত, মিছৰ আৰু চীনৰ দৰে নদীখনৰ পাৰত কোনো ডাঙৰ চহৰ বা কোনো প্ৰাচীন সভ্যতা গঢ়ি উঠা নাই। 0 0 0.

You May Like:

Previous articleআমুৰ | Amur
Next articleআপেক্ষিক গুৰুত্ব । Relative Importance
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here