Home বিজ্ঞান আয়ুৰ্বেদ | Ayurveda

আয়ুৰ্বেদ | Ayurveda

0

আয়ুৰ্বেদ | Ayurveda

আয়ুৰ্বেদ Ayurveda

আয়ুৰ্বেদ | Ayurveda

আয়ুৰ্বেদ হৈছে প্ৰাচীন ভাৰতীয় এক চিকিৎসা শাস্ত্ৰ। মূল সংস্কৃত আয়ুৰ্বেদৰ ‘আয়ু’ৰ অৰ্থ জীৱন বা প্ৰাণ আৰু ‘বেদ’ৰ অৰ্থ জ্ঞান বা বহুল অৰ্থত বিজ্ঞান। অৰ্থাৎযি জ্ঞানৰ সহায়ত সুস্থ জীৱন লাভ কৰিব পাৰি সিয়েই আয়ুৰ্বেদ। এই শাস্ত্ৰ বিধান অনুসৰি কৰা চিকিৎসা পদ্ধতিয়েই হ’ল আয়ুৰ্বেদীয় চিকিৎসা পদ্ধতি। চতুৰ্বেদৰ অন্যতম অথৰ্ববেদত আয়ুৰ্বেদৰ প্ৰথম উল্লেখ পোৱা যায়। পাছত বিভিন্ন ঋষিয়ে ৰোগ আৰোগ্যৰ বিধান সংক্ৰান্তীয় ১৬ খন গ্ৰন্থ (সংহিতা) ৰচনা কৰে। খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতাব্দীত তক্ষশিলা বিশ্ববিদ্যালয়ত আয়ুৰ্বেদ শিক্ষাদানৰ উল্লেখ পোৱা যায়।

আয়ুৰ্বেদ শাস্ত্ৰৰ দুখন উল্লেখযোগ্য গ্ৰন্থ হ’ল– ‘চৰক সংহিতা’ আৰু ‘শুশ্ৰুত সংহিতা’। চৰক সংহিতাৰ ৰচিয়তা চৰক ঋষি এজন প্ৰখ্যাত চিকিৎসক আছিল। তেওঁৰ এই গ্ৰন্থখনক চিকিৎসা বিজ্ঞানৰ মূল গ্ৰন্থ বুলি ধৰা হয়। ইয়াত শৰীৰ সংস্থান, শাস্ত্ৰীয় চিকিৎসা পদ্ধতি, ঋতু বিশেষে স্বাস্থ্য সুৰক্ষাবিধি, ৰোগ নিদান আৰু উদ্ভিদৰ গুণ আদিৰ বৰ্ণনা আছে। ইয়াত ঔষধ হিচাপে প্ৰায় ১,১০০ উদ্ভিদৰো উল্লেখ পোৱা যায়। আয়ুৰ্বেদ অনুসৰি মানৱজীৱন হ’ল শৰীৰ, মন আৰু আত্মাৰ সামগ্ৰিক প্ৰকাশ। সুস্বাস্থ্যৰ বাবে এই তিনিওটাই শক্তিশালী আৰু সমতুল অৱস্থাত থাকিব লাগে। সেয়ে এই পদ্ধতিত চিকিৎসাক ৰোগীৰ নিৰ্দিষ্ট বেমাৰৰ ওপৰত একমাত্ৰ গুৰুত্ব নিদি ৰোগীৰ সামগ্ৰিক স্বাস্থ্য ৰক্ষাতো সমধিক গুৰুত্ব দি সেই অনুসাৰে চিকিৎসা কৰা হয়। 0 0 0.

You May Like:

Previous articleইইজি | Electroencephalography
Next articleআলোকবৰ্ষ । Light Year
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here