Home বিজ্ঞান আয়োডিন । Iodine

আয়োডিন । Iodine

0

আয়োডিন । Iodine

আয়োডিন

আয়োডিন । Iodine

আয়োডিন হৈছে গাঢ় ধূসৰ বৰণৰ এটা কঠিন মৌলিক পদাৰ্থ। ১৮১১ চনত আয়োডিন আৱিষ্কাৰ হয়। গ্ৰীক ‘আয়োডাইড্‌ছ’ শব্দৰ পৰা আয়োডিন শব্দটোৰ উদ্ভৱ হৈছে। ইয়াৰ অৰ্থ বেঙুনীয়া। ই সামান্য উদ্বায়ী (গোটা অৱস্থাৰ পৰা পোনে পোনেই বাষ্পীয় অৱস্থালৈ যোৱা) পদার্থ । বায়ুত উন্মুক্ত কৰি ৰাখিলে বেঙুনীয়া ৰঙৰ ধোঁৱাত পৰিণত হৈ উৰি যায়। পানীত প্ৰায়ে গলি নাযায়; কিন্তু এলকহলত লগে লগে গলি যায়। এই দ্ৰৱৰ নাম টিংচাৰ আয়োডিন, যি কটা-ছিঙাৰ জীৱাণু প্ৰতিৰোধক ৰূপে ব্যৱহাৰ কৰা হয়। বিভিন্ন সামুদ্ৰিক উদ্ভিদ আৰু দক্ষিণ আমেৰিকাৰ চিলিত পোৱা চিলি ছ্‌টপিটাৰ নামৰ এবিধ খনিজ পদাৰ্থত যৌগৰ ৰূপত আয়োডিন পোৱা যায। ইয়াৰ পৰা বিশুদ্ধ আয়োডিন পৃথক কৰা হয়। বিভিন্ন পদাৰ্থৰ লগত হোৱা ইয়াৰ ৰাসায়নিক মিলনত বিভিন্ন আয়োডাইড ছল্ট বা আয়োডিনযুক্ত লৱণৰ সৃষ্টি হয়। বিভিন্ন খাদ্যদ্ৰব্যত সামান্য আয়োডিন থাকে। খাদ্যত আয়োডিনৰ অভাৱ হ’লে ডিঙিৰ ওখহা (গৰল) ৰোগ হয়। বিভিন্ন আয়োডাইড ছল্ট ঔষধ আৰু ফটোগ্ৰাফি শিল্পত ব্যৱহাৰ হয়। সাধাৰণ খোৱা নিমখতো আজিকালি আয়োডিন থাকে। 0 0 0.

You May Like:

Previous articleআন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি
Next articleইউৰিয়া। Uriah 
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here