আলকাতৰা । Pitch
আলকাতৰা । Pitch
আলকাতৰা হৈছে কয়লাৰ পৰা প্ৰস্তুত কৰা এবিধ ক’লা তৰল অথচ গাঢ় আঠাতলীয়া পদাৰ্থ।
আলকাতৰাত কাৰ্বনৰ পৰমাণু বিচ্ছিন্ন হৈ মিহলি হৈ থাকে আৰু সেয়ে আলকাতৰাৰ বৰণ ঘন ক’লা। ইয়াত থকা বিভিন্ন মিশ্ৰিত পদাৰ্থ গাড়ী-মটৰৰ প্ৰজ্বালকৰূপে, ড্ৰাই ক্লিনিং, বিস্ফোৰক পদাৰ্থ প্ৰস্তুতকৰণ, ঔষধ প্ৰস্তুতকৰণ, প্লাষ্টিক শিল্প, পোক-পৰুৱাৰ পৰা কাঠ সংৰক্ষণৰ বাবে, বাট-পথ নিৰ্মাণ, লোত মামৰে ধৰা ৰোধ কৰা আদি বিভিন্ন কামত ব্যৱহাৰ কৰা হয়।
খনিৰ পৰা উত্তোলন কৰা কয়লাক প্ৰজ্বালক হিচাপে ব্যৱহাৰ কৰাৰ আগতে কয়লাক পুৰি ল’ব লাগে। সেইদৰে কয়লা পোৰাৰ সময়ত প্ৰচুৰ গেছ উৎপন্ন হয়। ১৬৬০ চনত জন ক্লেটেন আৰু ৰবাৰ্ট বয়ল নামৰ দুজন বিজ্ঞানীয়ে সেই গেছটোনো কি তাক জনাৰ বাবে গেছটোক এটা নলীৰ ভিতৰত ভৰাই চেঁচা কৰে।
তেওঁলোকে দেখিলে যে নলীৰ গাত ক’লা ক’লা দুৰ্গন্ধযুক্ত এটি তৰল পদাৰ্থ জমা হৈছে। কিন্তু পদাৰ্থটোনো কি তেওঁলোকে তাৰ সন্ধান নাপালে।
এনেকৈয়ে কেইবা শতিকাও পাৰ হৈ গ’ল। লণ্ডনৰ ৰয়েল কলেজ অব্ ছায়েন্সৰ ছাত্ৰ উইলিয়াম হেনৰী পাৰ্কিনাছে সেই নতুন পদাৰ্থবিধৰ নাম দিয়ে আলকাতৰা।
১৮২২ চনত ডঃ ডেল্টন আৰু লং ষ্টেফ নামৰ বিজ্ঞানী দুজনে ব্যৱসায়িক ভিত্তিক আলকাতৰাৰ উৎপাদন আৰম্ভ কৰে। ইয়াৰ প্ৰায় ২৫ বছৰ পাছত ১৮৪৩আৰু ১৮৪৫ চনত হফমেন নামৰ বিজ্ঞানীজনে আলকাতৰাত এনিলিন আৰু বেনজিন নামৰ দুবিধ জৈৱিক যৌগ থকাৰ কথা উল্লেখ কৰে।
ইয়াৰ পৰৱৰ্তী কলাত বেনজিনৰ উৎস কেৱল আলকাতৰা বুলিয়েই ঠাৱৰ কৰা হৈছিল যদিও সম্প্ৰতি বেনজিন আন কিছুমান পদাৰ্থৰ পৰাও নিষ্কাশন কৰা হৈছে। 0 0 0.
You May Like: