আলপাকা । Alpaca
আলপাকা । Alpaca
আলপাকা হৈছে দক্ষিণ আমেৰিকাৰ এবিধ স্তন্যপায়ী প্ৰাণী। দেখাত বহুখিনি ভেড়াৰ দৰে যদিও ইহঁতৰ ডিঙিটো দীঘল। সৰ্বশৰীৰ ঘন আৰু দীঘল নোমেৰে আবৃত। ক’লা, মুগা, বগা আদি বিভিন্ন ৰঙৰ আলপাকা পোৱা যায়। ইহঁত প্ৰায় এক মিটাৰ ওখ হয়।
অক্সিজেনৰ পৰিমাণ কম থকা বায়ুমণ্ডলতো ইহঁতে সহজে বাস কৰিব পাৰে। সেয়েহে এণ্ডিজ পৰ্বমালাৰ 4,000-5,000 মিটাৰ উচ্চতাতো ইহঁতে আনায়াসে ইঠাইৰ পৰা সিঠাইলৈ আহা-যোৱা কৰে।
সাধাৰণতে মাহজাতীয় উদ্ভিদ ইহঁতৰ প্ৰধান খাদ্য। আলপাকাই বছৰত এবাৰ পোৱালি দিয়ে, পোৱালিয়ে সাধাৰণতে তিনিমাহমান মাকৰ গাখীৰ খায়। আলপাকাৰ নোমৰ পৰা অতি উত্তম ঊল পোৱা যায়। ঘাইকৈ ঊলৰ বাবেই ইহঁতক পোহ-পাল দিয়া হয়। দুবছৰ বয়সৰ পৰা আলপাকাৰ গাৰ পৰা ঊল পাব পাৰি। সাধাৰণতে দুবছৰৰ মূৰে মূৰে নোম কটা হয়।
কোনো কোনো আলপাকাৰ নোমবোৰ ইমান দীঘল হয় যে সেইবোৰে মাটি চুই যায়। আলপাকাৰ ঊলৰ পৰা তৈয়াৰী বস্ত্ৰ অতি সুদৃশ্য, মূল্যৱান আৰু উমাল। পেৰুত প্ৰায় 30,00,000 আলপাকা আছে। প্ৰধানকৈ ঊলৰ বাবে পোহা হয় যদিও আলপাকাৰ মাংসও বহু লোকৰ প্ৰিয় খাদ্য। 0 0 0.
You May Like: