Home বিজ্ঞান আলোকবৰ্ষ । Light Year

আলোকবৰ্ষ । Light Year

0

আলোকবৰ্ষ । Light Year

আলোকবৰ্ষ

আলোকবৰ্ষ । Light Year 

আলোবৰ্ষ হৈছে আধুনিক জ্যোতিৰ্বিজ্ঞানত ব্যৱহত দূৰত্বৰ একক। মহাকাশত বিভিন্ন জ্যোতিষ্কৰ দূৰত্ব ইমান বেছি যে সাধাৰণ মাইল বা কিলোমিটাৰ হিচাপত সেই দূৰত্ব জোখা অতি অসুবিধাজনক।

সেয়েহে বহু কোটি কিলোমিটাৰ দূৰৈৰ গ্ৰহ-নক্ষত্ৰৰ দূৰত্ব বুজাবলৈ এই একক  ব্যৱহাৰ কৰা হয়।  এক আলোকবৰ্ষই পোহৰ (আলোক) ৰশ্মিয়ে এবছৰত যিমান দূৰ পথ অতিক্ৰম কৰিব পাৰে তাকে বুজায়।

পৃথিৱীৰ আটাইতকৈ ওচৰৰ নক্ষত্ৰ প্ৰক্সিমা চেণ্টৰিৰ দূৰত্ব পৃথিৱীৰ পৰা প্ৰায় চাৰি আলোকবৰ্ষ। অৰ্থাৎ, তাৰ পৰা ছেকেণ্ডত প্ৰায় তিনি লাখ কিলোমিটাৰ বেগেৰে অহা পোহৰ পৃথিৱী পাবলৈ সময় লাগে প্ৰায় চাৰি বছৰ।

পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব প্ৰায় ১৫ কোটি কিলোমিটাৰ আৰু সূৰ্যৰ পোহৰ পৃথিীৱ পাবলৈ প্ৰায় ৮ মিনিট সময় লাগে। সেইক্ষেত্ৰত ক’ব পাৰি পৃথিৱীৰ আৰু সূৰ্যৰ মাজৰ দূৰত্ব ৮ পোহৰ মিনিট বা ৮ আলোকবৰ্ষ মিনিট। 0 0 0.

You May Like:

Previous articleআয়ুৰ্বেদ | Ayurveda
Next articleআলপাকা । Alpaca
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here