Home ইতিহাস আল্পছ । Alps

আল্পছ । Alps

0

আল্পছ । Alps

আল্পছ । Alps

আল্পছ । Alps 

আল্পছ হৈছে দক্ষিণ-মধ্য ইউৰোপৰ পৰ্বতমালা। দক্ষিণ ফ্ৰান্সৰ ভূমধ্য সাগৰীয় উপকূল আৰু উত্তৰ-পশ্চিম ইটালীৰ পৰা আৰম্ভ হৈ ছুইজাৰলেণ্ড, জাৰ্মানীৰ দক্ষিণাংশ, অস্ট্রিয়া, যুগোশ্লোভিয়া আৰু আলবেনিয়াৰ ওপৰেদি অৰ্ধবলয়াকাৰে আল্পছ পৰ্বতমালা বিস্তৃত।

পৰ্বতমালাই উত্তৰ ইটালীৰ লগত ফ্ৰান্স, জাৰ্মানী আৰু অস্ট্রিয়াক পৃথক কৰিছে। পৰ্বতমালাত অসংখ্য সৰু-বৰ হিমবাহ আছে। সুউচ্চ শৃংগবোৰৰ গড় উচ্চতা 3,050 মিটাৰ। প্ৰায় 1,100 কিলোমিটাৰ দীঘল এই পৰ্বতমালাৰ কালি প্ৰায় 2,10,000  বৰ্গ কিলোমিটাৰ।

আজিৰ পৰা প্ৰায় 7 কোটি বছৰ আগতে আল্পছ পৰ্বতমালাৰ সৃষ্টি হৈছিল বুলি ভূতত্ত্ববিদসকলে ঠাৱৰ কৰিছে। আল্পছৰ আটাইতকৈ ওখ শৃংগ মণ্টব্লেংক 4,810 মিটাৰ ওখ। পৃথিৱীৰ দীৰ্ঘতম ৰে’ল সুৰংগ আল্পছৰ ছিমপ্লন গিৰিপথৰ তলেদি নিৰ্মাণ কৰা হৈছে। 0 0 0.

You May Like:

Previous articleআলম আৰা । Alam Ara
Next articleআন্তৰ্জাতিক শ্ৰমিক সংস্থা | ILO
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here