আৰব সাগৰ | Arabian Sea
আৰব সাগৰ | Arabian Sea
ভাৰতৰ পশ্চিম উপকূল, আফ্ৰিকা মহাদেশৰ পূব উপকূলৱৰ্তী অঞ্চল আৰু লোহিত সাগৰৰ মধ্যৱৰ্তী সাগৰেই আৰব সাগৰ। ই 8 ডিগ্ৰীৰ পৰা প্ৰায় 25 ডিগ্ৰী উত্তৰ অক্ষৰেখা আৰু প্ৰায় 51 ডিগ্ৰীৰ পৰা 74 ডিগ্ৰী পূব গ্ৰাঘিমা পৰ্যন্ত বিস্তৃত।
এই সাগৰৰ উত্তৰে পাকিস্তান আৰু ইৰাণ, পূবে ভাৰত, দক্ষিণে ভাৰত মহাসাগৰ আৰু পশ্চিমে আৰব উপদ্বীপ। সাগৰখনৰ কালি 38,62,000 বৰ্গ কিলোমিটাৰ।
লোহিত সাগৰ আৰু ছুৱেজ খালৰ দ্বাৰা ভূমধ্য সাগৰৰ লগত যোগাযোগ থকাত ইউৰোপৰ জলপথ হিচাপে আৰব সাগৰৰ বিশেষ অৰ্থনৈতিক গুৰুত্ব আছে। সাগৰখনৰ উপকূল অংশৰ গভীৰতা প্ৰায় 182 মিটাৰ যদিও ক্ৰমে এই গভীৰতা প্ৰায় 2,০০০ মিটাৰ পৰ্যন্ত হৈছেগৈ।
সাগৰৰ মাজভাগত কোনো দ্বীপ নাই। দক্ষিণ-পূব ফালে মালদ্বীপ আৰু লাক্ষা দ্বীপপুঞ্জ অৱস্থিত। ভাৰতৰ বাবে আৰব সাগৰৰ সৰ্বাধিক গুৰুত্ব মৌচুমী বায়ুৰ বাবে। মে’ৰ পৰা ছেপ্টেম্বৰ পৰ্যন্ত দক্ষিণ-পশ্চিম আৰব সাগৰৰ পৰা উদ্ভূত মৌচুমী বায়ুৰ প্ৰভাৱত দক্ষিণ ভাৰতত বছৰত দুবাৰ বাৰিষা হয়।
ভাৰতৰ মুম্বাই, কোচিন, পণ্ডিচেৰী, পানাজী, মাংগালোৰ, দমন আদি চহৰ আৰব সাগৰৰ পাৰত অৱস্থিত। 0 0 0.
You May Like: