Home বিজ্ঞান আৰ্কিঅ’পটেৰিক্স | Archaeopteryx

আৰ্কিঅ’পটেৰিক্স | Archaeopteryx

0

আৰ্কিঅ’পটেৰিক্স | Archaeopteryx

আৰ্কিঅ’পটেৰিক্স

আৰ্কিঅ’পটেৰিক্স | Archaeopteryx

প্ৰকৃতি বিজ্ঞানীসকলৰ মতে পৃথিৱীৰ প্ৰথম চৰাই হৈছে আৰ্কিঅ’পটেৰিক্স (Archaeopteryx)। গ্ৰীক ভাষাৰ এই শব্দটোৰ অৰ্থ ‘প্ৰাচীন পাখি’।

দেখাত কিম্ভূত কিমাকাৰ এই চৰাইবিধ বৰ্তমান পোৱা নাযায়। আজিৰ পৰা 14.5 কোটি বছৰ আগতে এইবিধ চৰাই পৃথিৱীত আছিল বুলি ঠাৱৰ কৰা হৈছে।

1861 চনত জাৰ্মানীৰ এটা দ্বীপত আৰ্কিঅ’পটেৰিক্সৰ এটা জীৱাশ্ম পোৱা যায় আৰু তাৰে আধাৰত বিজ্ঞানীসকলে চৰাইবিধৰ কিছু তথ্য নিৰ্ণয় কৰিছে। ই আকাৰত এটা পাৰৰ সমান আছিল।

এই চৰাইৰ শীৰৰ গঠন, বিশেষকৈ মূৰটোৰ, সৰীসৃপৰ লগত ভালেখিনি সাদৃশ্য আছে। সৰীসৃপৰ দৰে ইহঁতৰো ডিঙি আৰু মূৰ বাকলিৰে আৱৰা। ইয়াৰ ডেউকাৰ ছাপো জীৱাশ্মত পোৱা গৈছে।

তাৰ পৰা আনুমান কৰা হৈছে যে ইহঁত ফুৰিব পাৰিছিল যদিও উৰাত বৰ পাকৈত নাছিল। গোলাকাৰ আকৃতিৰ ডেউকা আৰু দীঘল নেজেৰে ইহঁতে সম্ভৱত: উপণীয়া কেৰ্কেটুৱাৰ দৰে কম দূৰত্বলৈ উৰিব পাৰিছিল।

ইহঁতে ভালকৈ উৰিব নোৱাৰিছিল বাবে সম্ভৱত ইহঁত ডাঙৰ ডাঙৰ সৰীসৃপৰ চিকাৰত পৰিণত হৈছিল আৰু  চৰাই সৃষ্টিৰ আৰম্ভণিতেই আৰ্কিঅ’পটেৰিক্স পৃথিৱীৰ পৰা নোহোৱা হয়। চৰাইৰ বিৱৰ্তনৰ ইতিহাসত এইবিধ চৰাইৰ স্থান গুৰুত্বপূৰ্ণ ।

এই ডেউকা থকা জীৱবিধৰ মাজেদিয়েই সৰীসৃপৰ পৰা চৰাইৰ বিৱৰ্তনৰ সূচনা হয় বুলি বিজ্ঞানীসকলে ধাৰণা কৰিছে। 0 0 0.

You May Like:

Previous articleআৰ্গন । Argon
Next articleআৰব সাগৰ | Arabian Sea
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here