Home বিজ্ঞান আৰ্গন । Argon

আৰ্গন । Argon

0

আৰ্গন । Argon

আৰ্গন

আৰ্গন । Argon 

আৰ্গন পৃথিৱীৰ বায়ুমণ্ডলত প্ৰাপ্ত বৰণহীন, সোৱাদহীন, গোন্ধহীন এবিধ  বিৰল গেছ। বায়ুত শতকৰা ০.৯ ভাগ আৰ্গন থাকে।

গেছবিধ  নিষ্ক্রিয়, অৰ্থাৎ কোনো পদাৰ্থৰ লগতেই ইয়াৰ ৰাসায়নিক ক্ৰিয়া নঘটে। ২০ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰাত এক লিটাৰ পানীৰ ৩৭.৯ মিলিলিটাৰ আৰ্গন দ্ৰৱীভূত হ’ব পাৰে।

মোটামুটিভাৱে এইবিধ গেছীয় মৌল বিদ্যুৎ পৰিবাহী। ১৮৯৪ চনত ইংৰাজ পদাৰ্থবিদ ছাৰ উইলিয়াম ৰেমজেই লৰ্ড ৰেলিৰ সহযোগিতাত আৰ্গন আৱিষ্কাৰ কৰে।

নানান পৰীক্ষাৰ দ্বাৰা প্ৰমাণিত হয় যে এই গেছীয় মৌলই ৰাসায়নিক বিক্ৰিয়াত কোনো ধৰণৰ অংশ গ্ৰহণ নকৰে। সেয়েহে ইয়াৰ নাম দিয়া হ’ল ‘আৰ্গন’ অৰ্থাৎ নিষ্ক্ৰিয়। 0 0 0.

You May Like:

Previous articleআৰ্ডৱাৰ্ক । Aardvark
Next articleআৰ্কিঅ’পটেৰিক্স | Archaeopteryx
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here