Home বিজ্ঞান আৰ্ডৱাৰ্ক । Aardvark

আৰ্ডৱাৰ্ক । Aardvark

0

আৰ্ডৱাৰ্ক । Aardvark

আৰ্ডৱাৰ্ক

আৰ্ডৱাৰ্ক । Aardvark 

আৰ্ডৱাৰ্ক দক্ষিণ আফ্ৰিকাৰ এবিধ স্তন্যপায়ী প্ৰাণী। আফ্ৰিকান ভাষাৰ শব্দটোৰ অৰ্থ ‘মাটি গাহৰি’। প্ৰধানকৈ ছাহাৰা মৰুভূমিৰ দক্ষিণে এইবিধ প্ৰাণী পোৱা যায়। আৰ্ডৱাৰ্ক বৰ নিৰ্জু আৰু লাজুকীয়া। ইহঁতে মাটিত গাঁত খান্দি বাস কৰে। ইহঁতে নিজৰ বাবে কেইবাটাও গাঁত খান্দে আৰু তাৰে এটাত সোমাই জিৰণি লয়।

একোটা পূৰ্ণবয়স্ক আৰ্ডৱাৰ্ক দেখাত গাহৰি একোটাৰ দৰে। মুখখন দীঘল; কাণ দুখন গাধৰ দৰে। আনহাতে ঠেংকেইটা চুটি। ঠেঙত চোকা নখ আছে। ইহঁতৰ শ্ৰৱণ শক্তি কম যদিও ঘ্ৰাণ শক্তি অতি প্ৰবল।

  ঘ্ৰাণ শক্তিৰ সহায়ত সিহঁতে সহজে চিকাৰ বিচাৰি খাব পাৰে। ইহঁতৰ নোমবোৰ গুৰি কৰি এবিধ পাউদাৰৰ লগত মিহলাই বিষাক্ত দ্ৰব্য হিচাপে ব্যৱহাৰ কৰা হয় আৰু স্থানীয় কিছুমানে ইয়াৰ দাঁতক মাংগলিক প্ৰতীক হিচাপে গ্ৰহণ কৰিছে। 0 0 0.

You May Like:

Previous articleআৰ্থ্ৰাইটিছ । Arthritis
Next articleআৰ্গন । Argon
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here