আৰ্থ্ৰাইটিছ । Arthritis
আৰ্থ্ৰাইটিছ । Arthritis
আৰ্থাইটিছ হৈছে দেহৰ হাড়ৰ গাঁঠি বা জোৰা উখহি বিষ হোৱা এবিধ ৰোগ। ই নানা ধৰণৰ হয, যেনে– গাউট; পিঠি আৰু কঁকালত বিষ বা ৰিউমেটয়েড আৰ্থ্ৰাইটিছ, স্পণ্ডিলাইটিছ আদি।
নান কাৰণত কেতিয়াবা দেহৰ অস্থিসন্ধিৰ উপাস্থিৰ আৱৰক পৰ্দাত একপ্ৰকাৰ জীৱাণুৰ সংক্ৰমণৰ ফলত এইৰোগৰ সৃষ্টি হয়। ঘাইকৈ মধ্যবয়সী প্ৰৌঢ় ব্যক্তিৰ এই ৰোগ হয় যদিও যিকোনো বয়সৰ লোকৰেই আৰ্থাইটিছ হ’ব পাৰে।
প্ৰাথমিক অৱস্থাত চিকিৎসা কৰালে বা চিকিৎসা নকৰালে ই অস্থিসন্ধিৰ স্থায়ী ক্ষতিসাধন কৰে। অসমীয়াত এইবিধ ৰোগক সাধাৰণভাৱে বাত বা গাঁঠিবাত বুলি জনা যায় যদিও চিকিৎসাবিজ্ঞানত নিৰ্দিষ্ট অৰ্থত অষ্টিঅ’ আৰ্থ্ৰাইটিছ, ৰিউমেটয়ড আৰ্থ্ৰাইটিছ, এনকাইলোজিং স্পণ্ডিলাইটিছ, ছাৰভাইকেল স্পণ্ডিলাইটিছ আদি শব্দ ব্যৱহত হয়। 0 0 0.
You May Like: