Home বিজ্ঞান আৰ্মাডিলো । Armadillo

আৰ্মাডিলো । Armadillo

0

আৰ্মাডিলো । Armadillo

আৰ্মাডিলো

আৰ্মাডিলো । Armadillo 

আৰ্মাডিলো হৈছে মধ্য তথা দক্ষিণ আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত পোৱা এবিধ স্তন্যপায়ী প্ৰাণী। প্ৰাণীবিধৰ দেহটো এটা বাকলিযুক্ত কঠিন আৱৰণেৰে ঢকা। আৱৰণখন খলপাযুক্ত। এই খলপাবোৰৰ মাজে মাজে নোমো দেখা যায়।

আৰ্মডিলোৰ দাঁত নাই। মাটিত গাঁত খান্দি বাস কৰা এই প্ৰাণীবিধে সাঁতুৰিবও পাৰে। আৰ্মাডিলোৱে দিনৰ বেলা অলসভাৱে গাঁতত বাস কৰে। সন্মুখৰ ঠেঙৰ দীঘল নখৰ সহায়ত ইহঁতে টান আৰু শুকান মাটিত গাঁত খান্দে।

ৰাতি খাদ্যৰ সন্ধানত গাঁত খন্দাত আৰ্মাডিলো অতি পাকৈত। ইহঁতৰ জিভা যথেষ্ট দীঘল আৰু আঠালতীয়া। ইয়াৰ সহায়ত আৰ্মাডিলোৱে সহজে পোক-পৰুৱা চিকাৰ কৰিব পাৰে। উঁই আৰু পৰুৱা ইহঁতৰ প্ৰধান খাদ্য।

উল্লেখ্য যে ইহঁতে এবাৰত জন্ম দিয়া পোৱালিকেইটাৰ আটাইকেইটা হয় মতা নহয় মাইকী পোৱলি। শত্ৰুৰ হাতৰ পৰা ৰক্ষা পাবলৈ আৰ্মাডিলোৱে দেহটো পকাই  বল এটাৰ দৰে কৰি ঘূৰণীয়া আকাৰ দিব পাৰে। 0 0 0.

You May Like:

Previous articleআৰ্যভট্ট । Aryabhata
Next articleআৰ্থ্ৰাইটিছ । Arthritis
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here