আৰ্যভট্ট । Aryabhata
আৰ্যভট্ট । Aryabhata
ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ। পঞ্চম শতিকাৰ ভাৰতৰ প্ৰসিদ্ধ গণিতজ্ঞ তথা জ্যোতিৰ্বিদ আৰ্যভট্টৰ নামেৰে এই উপগ্ৰহটোৰ নামকাৰণ কৰা হৈছে।
ভাৰতীয় বিজ্ঞানী তথা প্ৰযুক্তিবিদে বাংগালুৰুৰ ওচৰৰ পেনিয়াত নিৰ্মাণ কৰি উলিওৱা আৰ্যভট্টক পূৰ্বৰ ছোভিয়েট ৰাছিয়াৰ মহাকাশযান বন্দৰ বা কছমোড্ৰোমৰ পৰা ৰাছিয়াত নিৰ্মিত এটা শক্তিশালী ৰকেটেৰে ১৯৭৫ চনৰ ১৯ এপ্ৰিলত মহাকাশলৈ উৎক্ষেপন কৰা হয়। ৩৬০ কিলোগ্ৰাম ওজনৰ আৰ্যভট্টক ভূপৃষ্ঠৰ পৰা প্ৰায় ৬০০ কিলোমিটাৰ উচ্চতাত বৃত্তাকাৰ এক কক্ষত স্থাপন কৰা হয়।
ই প্ৰায় প্ৰতি ৯৬ মিনিটত এবাৰকৈ পৃথিৱীক প্ৰদক্ষিণ কৰে। আৰ্যভট্টৰ আভন্তৰীণ ক্ৰিয়াকৰ্মৰ শক্তিৰ মূল উৎস আছিল সৌৰশক্তি। সামগ্ৰিকভাৱে মহাকাশ সম্পৰ্কে জ্ঞান আৰু মহাকাশচাৰণ বিদ্যাত অভিজ্ঞতা অৰ্জনৰ বাবেই আৰ্যভট্টক নিৰ্মাণ তথা উৎক্ষেপন কৰা হৈছিল যদিও ইয়াৰ নেপথ্যত ভাৰতীয় বিজ্ঞানীসকলৰ আন কেইটামান উদ্দেশ্যও আছিল।
সেইকেইটা হৈছে মহাকাশত সঞ্চৰণশীল এক্স-ৰশ্মি, গামা ৰশ্মি আৰু নিউট্ৰন কণা সম্পৰ্কে তথ্য সংগ্ৰহ কৰা। সুদীৰ্ঘ দহ বছৰ এই উপগ্ৰহ কাৰ্যক্ষম হৈ থাকিব বুলি আশা কৰা হৈছিল যদিও উৎক্ষেপণৰ মাত্ৰ কেইদিনমানৰ পাছতে ই বিকল হৈ পৰে আৰু ক্ৰমশঃ পৃথিৱীৰ লগত যোগাযোগ নোহোৱা হৈ যায়। 0 0 0.
You May Like: