ইইজি | Electroencephalography
ইইজি | Electroencephalography
ইইজি (Electroencephalography) হৈছে এক যন্ত্র যাৰ সহায়ত অংকিত মস্তিষ্কৰ স্নায়ুকেন্দ্ৰবোৰৰ বিশেষ বৈদ্যুতিক স্পন্দনৰ গতি-প্ৰকৃতি নিৰ্দেশক ৰেখা-চিত্ৰ পাব পাৰি। এই প্ৰক্ৰিয়াত মস্তিষ্কৰ কোষবোৰৰ এটি মৃদু স্পন্দনো বহু সহস্ৰগুণ বৰ্ধিত হৈ তৰংগৰ আধাৰত কাগজত ৰেখাপাত কৰে। এই ৰেখা চাই মস্তিষ্কৰ বিভিন্ন স্নায়ুৰ কাৰ্যকাৰিতাৰ তাৰতম্য বুজিব পাৰি। এজন সুস্থ লোকৰ মস্তিষ্কৰ পৰা ছেকেণ্ডত 8-ৰ পৰা 13-টা তৰংগ ৰেখা পোৱা যায়। কিন্তু মৃগী ৰোগাক্ৰান্ত কোনো ব্যক্তিৰ ক্ষেত্ৰত এই তৰংগ ৰেখা ছেকেণ্ডত মাত্ৰ 6 বা 7-ৰ বেছি নহয়। মস্তিষ্কৰ স্নায়ু-বৈকল্য নিৰূপণৰ বাবে বিভিন্ন অৱস্থাত ৰোগীৰ মস্তিষ্কৰ বিভিন্ন স্নায়ুকেন্দ্ৰৰ এনেধৰণৰ বিদ্যুৎ তৰংগৰ আকৃতি-প্ৰকৃতিৰ বিভিন্নতা পৰিলক্ষিত হয়। 0 0 0.
You May Like: