Home বিজ্ঞান ইউক্লিড । Euclid

ইউক্লিড । Euclid

0

ইউক্লিড । Euclid

ইউক্লিড 

ইউক্লিড । Euclid

ইউক্লিড আছিল প্ৰাচীন গ্ৰীক গণিতজ্ঞ আৰু পণ্ডিত। তেওঁৰ জন্মকাল অজ্ঞাত। আনুমানিক খ্ৰীষ্টপূৰ্ব চতুৰ্থ-তৃতীয়ৰ বিজ্ঞানী। খ্ৰীষ্টপূৰ্ব ৩০০-ত আলেকজেণ্ড্ৰিয়াত অধ্যাপনা কৰিছিল বুলি জনা যায়। তেওঁ জ্যামিতি বিদ্যাৰ প্ৰভূত উন্নতি সাধন কৰি সুসংবদ্ধ আকাৰত ১৩ খণ্ডত বিভক্ত এক জ্যামিতি গ্ৰন্থ ৰচনা কৰে। এই গ্ৰন্থত সন্নিৱিষ্ট স্বতঃসিদ্ধৰ ভিত্তিত মাত্ৰ যুক্তিৰ সহায়ত তেওঁ যিবোৰ জ্যামিতিক উপপাদ্য প্ৰামাণীত কৰিছিল সেয়া মানুহৰ মননশক্তি আৰু যৌক্তিকতাৰ বিস্ময়কৰ উদাহৰণ। এওঁ ৰচনা কৰা ‘এলিমেণ্ট্‌ছ’ নামৰ তেৰ খণ্ডৰ গণিতশাস্ত্ৰৰ গ্ৰন্থখনক জ্যামিতিৰি উৎস গ্ৰন্থ বুলি ধৰা হয়। 0 0 0.

You May Like:

Previous articleইউগ্লেনা । Euglena
Next articleইইজি | Electroencephalography
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here