ইউগ্লেনা । Euglena
ইউগ্লেনা । Euglena
ইউগ্লেনা এবিধ এককোষী জলজ প্ৰাণী। প্ৰাণীৰূপে বিবেচিত হ’লেও ইহঁতৰ শাৰীৰিক গঠন ইমানেই আদিম যে কেইটিমান বিষয়ত ইউগ্লেনাৰ আচৰণ উদ্ভিদোচিত।
ইউগ্লেনাই উদ্ভিদৰ দৰেই নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল’ব পাৰে। উদ্ভিদৰ দেহত থকাৰ দৰেই ইহঁতৰ দেহত পত্ৰহৰিৎ বা ক্লোৰোফিল পোৱা যায় আৰু সূৰ্যৰ পোহৰত পত্ৰহৰিতৰ সহায়ত ইহঁতে নিজৰ দেহত খাদ্য উৎপাদন কৰে।
আনহাতে সূৰ্যৰ পোহৰ নথকা অৱস্থাত ইউগ্লেনাই অন্য প্ৰাণীৰ দৰেই উদ্ভিদৰ ওপৰত আহাৰৰ বাবে নিৰ্ভৰ কৰে। সেই সময়ত ইহঁতে পানীত থকা শেলুৱৈ আদি উদ্ভিদ খাই জীয়াই থাকে। এই প্ৰাণীবিধ কেইবামাহো আন্ধাৰত থাকিব পাৰে।
ইউগ্লেনাৰ দেহত প্ৰাণী আৰু উদ্ভিদ উভয়ৰে লক্ষণ দেখা পোৱা যায় বাবে ইয়াক প্ৰাণী আৰু উদ্ভিদ উভয় বিভাগতে অধ্যয়ন কৰা হয়। তথাপি ইয়াৰ দেহ কোষৰ গঠন প্ৰাণীৰ দৰে হোৱা হেতুকে আৰু প্ৰাণীৰ দৰে চলা-ফুৰা কৰাৰ ক্ষমতা থকা বাবে ইয়াক প্ৰাণীৰ শাৰীত ধৰা হৈছে। 0 0 0.
You May Like: