ইউনিচেফ । UNICEF
ইউনিচেফ । UNICEF
ইউনিচেফ হৈছে শিশুৰ জীৱন আৰু বিকাশৰ বাবে কৰ্মৰত ৰাষ্ট্ৰসংঘৰ এটা উল্লেখযোগ্য সংস্থা। প্ৰথমতে ইয়াৰ নাম আছিল ‘ৰাষ্ট্ৰসংঘৰ আন্তজাৰ্তিক শিশু কল্যাণ জৰুৰী পুঁজি’ বা ইনিচেফ। যুদ্ধবিধবস্ত অঞ্চলসমূহৰ শিশুসকলক সহায় কৰাৰ উদ্দেশ্যে ১৯৪৬ চনত ৰাষ্ট্ৰসংঘৰ প্ৰথম অধিৱেশনত এই সংস্থা গঠন কৰা হয়।
প্ৰথমে কেইবছৰমান ই মহাসমৰৰ পাছত ক্ষতিগ্ৰস্থ ইউৰোপৰ দেশসমূহ আৰু চীনৰ শিশুৰ বাবে লাগতিয়াল খাদ্য, ঔষধ আৰু কাপোৰ-কানিৰ সাহাৰ্য প্ৰদান কৰিছিল। সেই সময়ত শিশুসকলক সহায় কৰাটো অত্যন্ত জৰুৰী বুলি বিবেচিত হৈছিল আৰু সেয়ে ইয়াৰ নামৰ লগত ‘জৰুৰী’ শব্দটো সংযোগ কৰা হৈছিল। পাছত অৱশ্যে ১৯৫৩ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিৱেশনত সেই শব্দটো বাদ দি ইয়াৰ নাম ‘ৰাষ্ট্ৰসংঘৰ শিশু কল্যাণ পুঁজি’ কৰা হয়।
শিশুসকলৰ স্বাস্থ্যৰ যত্ন লোৱা, শিশুসকলক আক্ৰান্ত কৰিব পৰা ৰোগ নিয়ন্ত্ৰণ কৰা; বানপানী, দুৰ্ভিক্ষ, আগ্নেয়গিৰিৰ উদ্গীৰণ, ভূমিকম্প আদিত দুৰ্দশাগ্ৰস্ত শিশুলৈ সহায় আগবঢ়োৱা আদিয়ে ইউনিচেফৰ প্ৰধান কাম। এই সংস্থাই মাতৃ আৰু শিশুৰ কল্যাণৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণৰো ব্যৱস্থা কৰে। এই সংস্থাৰ বৰ্তমান সদস্য সংখ্যা ১১৮ আৰু ভাৰত ইয়াৰ অন্যতম। ইয়াৰ সদৰ কাৰ্যালয় ৰাষ্ট্ৰসংঘৰ মূল কাৰ্যালয়ৰ লগতে। ১৯৬৫ চনত এই সংস্থাই শান্তিৰ নোবেল বঁটা লাভ কৰে। 0 0 0.
You May Like: