ইউনেস্কো । UNESCO
ইউনেস্কো । UNESCO
ইউনেস্কো হৈছে ৰাষ্ট্ৰসংঘৰ এটা সংস্থা। ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত শিক্ষা, বিজ্ঞান আৰু সংস্কৃতিৰ জৰিয়তে সহযোগিতা সৃষ্টি কৰি ন্যায়, আইনৰ শাসন, মানৱ অধিকাৰ, মৌলিক স্বাধীনতা আদিৰ প্ৰতি সন্মান জনোৱাই এই সংস্থাৰ ঘাই উদ্দেশ্য।
ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰই ইয়াৰ সভ্য হ’ব পাৰে। ইউনেস্কো নামটো কেইবাটা শব্দৰ সংক্ষিপ্ত ৰূপ। অসমীয়াত ইয়াৰ নাম ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংস্থা। ১৯৪৬ চনৰ ৪ নৱেম্বৰত ইউনেস্কো গঠন কৰা হয়। ইয়াৰ প্ৰধান কাৰ্যালয় পেৰিছত অৱস্থিত। 0 0 0.
You May Like: ই-কমার্স