ইক’ল’জি। Ecology
ইক’ল’জি। Ecology
ইক’ল’জি হৈছে পৰিৱেশ আৰু প্ৰাণীৰ সহসম্বন্ধ সম্পৰ্কে অধ্যয়ন কৰা বিজ্ঞান; পৰিস্থিতি বিজ্ঞান। প্ৰাণীৰ জীৱন-ইতিহাস, অভ্যাসসমূহ, কোনে স্থানত প্ৰাণীয়ে বাস কৰে, ভূ-পৃষ্ঠৰ ক’ত ক’ত পোৱা যায় আৰু কিদৰে জীৱন নিৰ্বহ কৰে–এইবোৰ ইক’ল’জিৰ অন্তৰ্গত। উদ্ভিদ ক’ত ক’ত পোৱা যায়, কি অৱস্থাত উদ্ভিদৰ বৃদ্ধি হয়, উদ্ভিদৰ বৈশিষ্ট্য কি, কি পৰিস্থিত ইহঁতক পোৱা যায়, তাৰ বিশ্লেষণ আদিও এই বিজ্ঞানৰ ভিতৰত পৰে।
হিমালয়ৰ পাদদেশত পাইন, ওক আদি সৰলবৰ্গীয় গছ জন্মে কিয়? আফ্ৰিকাৰ অধিবাসী কৃষ্ণকায় আৰু চীনৰ লোক সাধাৰণতে চাপৰ হয় কিয়? স্থানীয় পৰিৱেশৰ বিভিন্ন প্ৰভাৱত অধিবাসীসকলৰ এনেধৰণৰ বৈশিষ্ট্য আৰু বৈচিত্ৰগত পাৰ্থক্য সম্পৰ্কীয় তথ্যাদিৰ পৰীক্ষা, অনুশীলন আৰু পৰ্যালোচনা বিজ্ঞানৰ এই শাখাৰ অন্তৰ্গত। অসমীয়াত ইক’ল’জিক বাস্তৱ্য বিদ্যা বুলিও কোৱা হয়। 0 0 0.
ইক’ল’জি, Ecology
আপুনি ভাল পাব পাৰে: ইলেকট্রনিক ভোটিং মেছিন