ইষ্ট। Ist
ইষ্ট। Ist
ইষ্ট হৈছে ভেঁকুৰজাতীয় এককোষী পৰজীৱী উদ্ভিদ। ইয়াৰ সহায়ত বিভিন্ন জৈৱ পদাৰ্থৰ কিন্বন ক্ৰিয়া সাধিত হয়। ইষ্টত বিভিন্ন ধৰণৰ সূক্ষ্ম ৰাসায়নিক পদাৰ্থ থাকে। এইবোৰৰ নাম এনজাইম। এনজাইমে ৰাসায়নিক ক্ৰিয়া ঘটায়।
পাউৰুটি কোমল আৰু ফোপোলা কৰাৰ বাবে পাউৰুটিৰ ময়দাৰ লগত ইষ্ট মিহলি কৰা হয়। ইষ্টৰ লগত ময়দাৰ কাৰ্বোহাইড্ৰেটৰ ৰাসায়নিক সংযোগত কিন্বন ক্ৰিয়া ঘটে।
ইয়াৰ ফলত কাৰ্বন ডাই-অক্সাইড গেছ উৎপন্ন হয়। এই গেছে পাউৰুটি ফুলি উঠাত আৰু কোমল কৰাত সহায় কৰে। সেইদৰে চেনিৰ ৰসৰ লগত ইষ্টৰ কিন্বন ক্ৰিয়াৰে সুৰা প্ৰস্তুত কৰা হয়।
সুৰা-শিল্প আৰু বেকাৰী শিল্পত ইষ্টৰ বহুল ব্যৱহাৰ আছে। একেদৰে খাদ্যত প্ৰটিনৰ অভাৱ পূৰণৰ বাবেও কোনো কোনো ক্ষেত্ৰত ইষ্টযুক্ত আহাৰ ব্যৱহাৰ কৰা হয়। 0 0 0.
আপুনি ভাল পাব পাৰে: ঈদ