ইষ্ট ইণ্ডিয়া কোম্পানী । East India Company
ইষ্ট ইণ্ডিয়া কোম্পানী
ইষ্ট ইণ্ডিয়া কোম্পানী হৈছে পূৱ, দক্ষিণ-পূব এছিয়া আৰু ভাৰতৰ বিভিন্ন অঞ্চলত বেহা-বেপাৰৰ কৰাৰ উদ্দেশ্যেৰে ইংলেণ্ডত গঠিত এক যুটীয়া মূলধনৰ ব্যৱসায়িক কোম্পানী।
ইয়াক ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী নামেৰেও জনা যায়। ১৬০০ চনৰ ৩১ ডিচেম্বৰত ৰাণী এলিজাবেথে এই কোম্পানীক উত্তমাশা অন্তৰীপৰ পৰা উত্তৰ-পূব ভাৰতৰ লগতে পূব আৰু দক্ষিণ-পূব এছিয়াৰ যিকোনো অঞ্চলতে ব্যৱসায় কৰাৰ অনুমতি দিয়ে। ইয়াৰ ফলত এই কোম্পানীয়ে অঞ্চটোত ব্যৱসায় কৰাৰ একচেটিয়া অধিকাৰ লাভ কৰে।
ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰধান উদ্দেশ্য আছিল অঞ্চলটোৰ পৰা কপাহ, পাট, মছলা আদি সংগ্ৰহ কৰি তাৰ পৰা উৎপাদিত ব্যৱহাৰিক দ্ৰব্য এই অঞ্চলবোৰত বিক্ৰী কৰা। 0 0 0.
আপুনি ভাল পাব পাৰে: ঈদ